Googleএ দিয়ে কোটি টকাৰ দৰমহা! কিন্তু জানেনে তাত খৰছ কিমান...

গুগলৰ দৰে এটা প্ৰতিষ্ঠানত চাকৰি পোৱা মানেই ভাগ্যৰ দুৱাৰ মুকলি হোৱা বুলি বহুতে ভাৱে। বছৰি কোটি কোটি টকাৰ দৰমহাৰ যি পেকেজ, সেই পেকেজ দেখি বহুতে ভাৱিবলৈ লয় গুগলত

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
IKKK

ডিজিটেল ডেস্কঃ গুগলৰ দৰে এটা প্ৰতিষ্ঠানত চাকৰি পোৱা মানেই ভাগ্যৰ দুৱাৰ মুকলি হোৱা বুলি বহুতে ভাৱে। বছৰি কোটি কোটি টকাৰ দৰমহাৰ যি পেকেজ, সেই পেকেজ দেখি বহুতে ভাৱিবলৈ লয় গুগলত চাকৰি পোৱা মানেই তেওঁ কোটিপতি। কিন্তু বাস্তৱত এনে নহয়।

যিমানেই ডাঙৰ চহৰ, যিমানেই খৰছ বেছি- এই কথা সকলোৱে জানে। গুগলত এগৰাকী চফটৱেৰ ইঞ্জিনয়াৰৰ বাৰ্ষিক দৰমহাৰ পেকেজ হৈছে- ১.৬কোটি টকা। কিন্তু ইমান ধন পোৱাৰ পাছতো নিউৰ্য়কৰ দৰে চহৰত অতি সাধাৰণভাৱে জীৱন যাপন কৰিব লাগে এনে চাকৰি কৰা লোকসকলে। 

শেহতীয়াকৈ গুগলৰ চফটৱেৰ ইঞ্জিনিয়াৰৰ চাকৰি পোৱা মৈত্ৰী মংগল নামৰ এগৰাকী যুৱতীয়ে সদৰি কৰে যে, দৰমহা বেছি যদিও নিউৰ্য়কৰ দৰে চহৰত সাধাৰণভাৱে জীৱন যাপন কৰিবলৈও মাহিলী ৫ৰ পৰা ৬লাখ টকা খৰছ হয়। 

তেওঁ জনায় যে, নিৰ্উয়কত এটা সাধাৰণ ভাড়া ঘৰৰ দামেই হৈছে ভাৰতীয় মূল্যত আঢ়ৈ লাখ টকাতকৈ অধিক। গতিকে দেখাত বাৰ্ষিক কোটি  টকাৰ  দৰমহা লাভ কৰিলেও মাহিলী এনে লোকসকলৰ খৰছেই কেইবালাখো হয়। সেয়েহে গুগলৰ দৰে প্ৰতিষ্ঠানত চাকৰি কৰিলেও তেওঁলোকে বৰ বেছি ধন সঞ্চয় কৰিব নোৱাৰে। 

গুগল