Advertisment

নিশা ২ বাজিল! এতিয়াও গৰাকী নোলাল ৰে'লত আৱদ্ধ ৪০০টা ম'হৰ...

দুপৰ নিশালৈকে গৰাকী আহি চমজি নল'লে নিউ গুৱাহাটীৰ বিজি য়াৰ্ডত প্ৰায় ২০ৰো অধিক ডবাত আৱদ্ধ হৈ থকা ৪০০টা মতা ম'হ। সন্ধিয়া ৫বজাত আহি বিজি য়াৰ্ড উপস্থিত হোৱা সেই বিশেষ

author-image
Asomiya Pratidin
New Update
৪০০ ম'হ

৪০০ ম'হ

ডিজিটেল ডেস্কঃ দুপৰ নিশালৈকে গৰাকী আহি চমজি নল'লে নিউ গুৱাহাটীৰ বিজি য়াৰ্ডত প্ৰায় ২০ৰো অধিক ডবাত আৱদ্ধ হৈ থকা ৪০০টা মতা ম'হ। সন্ধিয়া ৫বজাত আহি বিজি য়াৰ্ড উপস্থিত হোৱা সেই বিশেষ ৰে'লখনৰ পৰা গৰাকী আহি ম'হখিনি চমজি লোৱাৰ কথা আছিল যদিও নিশা প্ৰায় ১.৩০বজালৈকে ডবাতে থাকিল ৪০০টা ম'হ। 

Advertisment

সন্ধিয়াভাগতে ৰে'ল আৰক্ষীয়ে জনাইছিল যে, আনুষ্ঠানিক পাৰপত্ৰ লৈ ম'হখিনি চমজি লবলৈ গৰাকী আহি আছে। কিন্তু ঘন্টা পিছত ঘন্টা উকলি যোৱাৰ পাছতো নাহিল গৰাকী। যাৰ ফলত বহু সময় ধৰি ৰৈ থকা ৰে'লৰ ডবাত আৱদ্ধ হৈ থকা ম'হখিনিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰো পূৰ্ণ সম্ভাৱনা আছে। ইফালে বহিঃৰাজ্যৰ পঞ্জীয়নভূক্ত কেইবাখনো বিশেষ আকাৰৰ বাহন ইতিমধ্যে সাজু হৈ আছে বিজি য়াৰ্ডৰ আশে-পাশে এলেকাত। 

ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ.
ইউ পিৰ পৰা মেঘালয়লৈ বুলি সৰবৰাহ.

 

সন্ধিয়াভাগৰে পৰা আনুষ্ঠানিক পাৰপত্ৰ লৈ ম'হখিনি চমজি ল'বলৈ নহা অজ্ঞাত গৰাকীৰ এনে কৰ্মকাণ্ডই এইটো কথা স্পষ্ট কৰিলে যে, অবৈধ আৰু অনীতিগতভাৱে অনা হৈছে ম'হখিনি। যাৰ বাবে তেওঁলোকে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰি থকা সাংবাদিকক দেখাবলৈ অপাৰগ হ'ল আনুষ্ঠানিক পাৰপত্ৰ। 

তাৰ বিপৰীতে দুপৰ নিশালৈকে একপ্ৰকাৰৰ পলায়ন কৰি ডবাৰ ভিতৰতে যমৰ যাতনাত ভুগিবলৈ এৰি দিছে এই ৪০০টা ম'হ। উল্লেখ কৰা প্ৰয়োজন যে, এই ৪০০টা ম'হ কঢ়িওৱা প্ৰায় ২০টাৰো অধিক সুসজ্জিত প্ৰতিটো ডবাত মহবোৰ চোৱাচিতা কৰিবলৈ আছে ২গৰাকীকৈ লোক।

ইফালে কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ কেইবাখনো ৰাজ্য পাৰ হৈ উত্তৰ প্ৰদেশ ফাৰুক্কাপুৰৰ পৰা কেনেকৈ অসম পালেহি এই বিশাল পৰিমাণ ম'হ, সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন। অতিকৈ উন্নত প্ৰজাতিৰ এই এটা ম'হ মূল্যই প্ৰায় ২লাখ টকা বুলি জানিব পৰা গৈছে। তেনেস্থলত এক বৃহত চক্ৰই ৰেলেৰে এই ছিণ্ডিকেট চলাই থকাৰ সন্দেহ কৰা হৈছে। 

গুৱাহাটী