কাৰ শিৰত জিলিকিল লতাশিল বিহুৰাণী আৰু বিহু কুঁৱৰীৰ খিতাপ...

অসমৰ প্ৰথমখন মঞ্চবিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰী খিতাপ অৰ্জন কৰিছে দুলীয়াজানৰ দীক্ষা গগৈয়ে। এই পৰ্যন্ত ঘোষণা হোৱা নাই বিহু সম্ৰাজ্ঞীৰ নাম।

author-image
Asomiya Pratidin
New Update
asdsad

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ঘোষণা হ'ল ঐতিহ্যমণ্ডিত লতাশিল বিহুৰ ‘বিহুৰাণী’ আৰু ‘বিহু কুঁৱৰী’ প্ৰতিযোগিতাৰ ফলাফল। এই পৰ্যন্ত ঘোষণা হোৱা নাই বিহু সম্ৰাজ্ঞীৰ নাম।অসমৰ প্ৰথমখন মঞ্চবিহু লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰী খিতাপ অৰ্জন কৰিছে দুলীয়াজানৰ দীক্ষা গগৈয়ে। 

সমান্তৰালকৈ ৭৪ তম বৰ্ষ গুৱাহাটী বিহু সন্মিলনৰ বিহুৰাণী খিতাপ অৰ্জন কৰে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে। প্ৰীতিৰাণী বৰগোহাঁই হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী। ২০২২ চনত লতাশিল বিহুৰ বিহু কুঁৱৰী আছিল প্ৰীতি। 

উল্লেখ্য যে, উক্ত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিল ১৮ গৰাকী প্ৰতিযোগীয়ে।  আজি ঘোষণা কৰিব ৭৪ তম বৰ্ষ গুৱাহাটী বিহু সন্মিলনৰ বিহু সম্ৰাজ্ঞীৰ নাম। আজি একেলগে প্ৰদান কৰিব বঁটাসমূহ।

লতাশিল বিহু