আজি কোকিলকণ্ঠী লতা মংগেশকাৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী

ক’ভিডত আক্ৰান্ত হৈ ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল লতা মংগেশকাৰে। ভাৰতীয় সংগীতৰ বিকাশত অন্যতম প্ৰধান অৰিহণা যোগোৱা গায়িকাগৰাকীৰ মৃত্যুত এটি যুগৰ অৱসান ঘটিছিল ৷ 

author-image
Asomiya Pratidin
New Update
াীাীা

ডিজিটেল ডেস্কঃ   আজি ২০২৫ চনৰ ৬ ফেব্ৰুৱাৰী, তৃতীয় মৃত্যু বাৰ্ষিকীত কিংবদন্তি গায়িকা লতা মংগেশকাৰক স্মৰণ কৰিছে দেশবাসীয়ে। ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছিল কোকিলকণ্ঠী গৰাকীয়ে।

Advertisment

যাৰ কণ্ঠত সৰস্বতীয়ে বাস কৰে, যাৰ কণ্ঠত শ্ৰোতাই জীৱন জীয়াই থকাৰ প্ৰেৰণা পাই সেই মহান শিল্পী লতা মংগেশকাৰে আমাক এৰি থৈ যোৱা আজি তিনিটা বছৰ সম্পূৰ্ণ হ’ল। ক’ভিডত আক্ৰান্ত হৈ ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিছিল লতা মংগেশকাৰে। ভাৰতীয় সংগীতৰ বিকাশত অন্যতম প্ৰধান অৰিহণা যোগোৱা গায়িকাগৰাকীৰ মৃত্যুত এটি যুগৰ অৱসান ঘটিছিল ৷ 

উল্লেখযোগ্য যে, ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা মংগেশকাৰে পাঁচ বছৰ বয়সৰ পৰাই গানৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু গায়িকা হিচাপে তেওঁৰ কেৰিয়াৰ সাত দশকৰো অধিক সময় ধৰি চলিছিল।হিন্দী, মাৰাঠী, তামিল, বাংলা, আদি ত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষাত গীত ৰেকৰ্ডিং কৰিছিল। 

তাৰোপৰি তেওঁ ছবি প্ৰযোজনাও কৰিছিল। গায়িকাগৰাকী ৪ খনকৈ চলচ্চিত্ৰৰ প্ৰযোজক আছিল। ইয়াৰ ভিতৰত আছে এখন মাৰাঠী আৰু তিনিখন হিন্দী চলচ্চিত্ৰ। একাধিক গুণৰ বাবে তেওঁ সদায় প্ৰশংসাত আছিল। ধাৰাবাহিকভাৱে তেওঁক ‘কুইন অৱ মেলোডী’, ‘ভইচ অৱ দ্য মিলেনিয়াম’ আৰু ‘নাইটিংগেল অৱ ইণ্ডিয়া’ বুলিও সম্বোধন কৰিছিল।

লক্ষ্যণীয় যে, বিভিন্ন ভাষাত ২৫ হাজাৰৰো অধিক গীত গাই পদ্ম ভূষণ, পদ্ম বিভূষণ, দাদা চাহেব ফাল্কে বঁটা, বিভিন্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে লতা মংগেশকাৰে। ভাৰতীয় সংগীত জগতলৈ লতা মংগেশকাৰৰ অৱদান অসীম।

লতা মংগেশকাৰ