/asomiyapratidin/media/media_files/2025/01/11/8grMC9CoHuapXIqAGmpq.jpg)
বিগত বৰ্ষত মিউচুৱেল ফাণ্ডে সংগ্ৰহ কৰিছে ২.৮৯ লাখ কোটি টকা...
ডিজিটেল ডেস্ক : বিগত ২০২৪ বৰ্ষত মিউচুৱেল ফাণ্ডৰ চিষ্টেমেটিক বিনিয়োগ পৰিকল্পনা চমুকৈ এছ আই পিৰ জৰিয়তে সংগ্ৰহ কৰিছে ২,৮৯, ২২৭ কোটি টকা। কেৱল ইমানেই নহয়, এই পৰিকল্পনাৰ জৰিয়তে ২০২৪ৰ ডিচেম্বৰত এক অভিলেখো স্থাপন কৰিবলৈ সক্ষম হৈছে। মাহটোত অভিলেখ স্থাপন কৰি সংগ্ৰহ কৰিছে ২৬, ৪৫৯ কোটি টকা।
বিশেষজ্ঞসকলৰ মতে উপভোক্তাৰ মাজত এছ আই পিৰ জনপ্ৰিয়তা দ্ৰুত হাৰত বৃদ্ধি পাইছে। যাৰ বাবে এই পদ্ধতি অৱলম্বন কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে তেওঁলোক। সমান্তৰালকৈ ইয়াৰ দ্বাৰা মিউচুৱেল ফাণ্ডো লাভান্বিত হৈছে।
উল্লেখযোগ্য যে এছ আই পি হৈছে- দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যত উপনীত হ’বলৈ বজাৰৰ স্তৰৰ চিন্তা নকৰাকৈ বেছিভাগ সক্ৰিয় আয়ৰ পৰা নিয়মিতভাৱে বিনিয়োগ কৰাৰ এক ব্যৱস্থা। ই টকা খৰচৰ গড় পদ্ধতিৰে কাম কৰে। অৰ্থাৎ দীৰ্ঘ সময়ৰ ভিতৰত বজাৰৰ বাবে উপভোক্তাৰ ক্ৰয়ৰ খৰচৰ ভাৰসাম্য স্থাপন কৰে।