ওদালগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্র উদ্ধাৰ

ওদালগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্র উদ্ধাৰ আৰক্ষীৰ । জিলাখনৰ অসম -অৰুণাচল সীমান্তৰ লালপানীৰ ডিমাচাংগা ঘন অৰণ্যৰ মাজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰখিনি।

author-image
Asomiya Pratidin
New Update
157

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰিত বৃহৎ পৰিমাণৰ মাৰণাস্ত্র উদ্ধাৰ আৰক্ষীৰ । জিলাখনৰ অসম -অৰুণাচল সীমান্তৰ লালপানীৰ ডিমাচাংগা ঘন অৰণ্যৰ মাজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰখিনি।

ওদালগুৰি আৰক্ষী আৰু মাজবাট আৰক্ষীৰ যৌথ অভিযানত দুটা সজীৱ গ্ৰেনেট ,সজীৱ গুলি ৫৫ টা, ডিটনেটৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়। উক্ত স্থানত অস্ত্ৰ-শস্ত্ৰসমূহ লুকুৱাই ৰখা পাপু কোচ ওৰফে বিজয় অসমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বর্তমানে ওদালগুৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে পাপু কোচক সোধা-পোচা অব্যাহত ৰাখিছে।

ওদালগুৰি