/asomiyapratidin/media/media_files/2025/02/01/wyO8Nb16OjmWIABakhW3.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা শনিবাৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে । ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে ২৫ কেজি ৯০০ গ্ৰাম নিচাজাতীয় দ্ৰব্য ।
উল্লেখযোগ্য যে জব্দকৃত গাঞ্জাখিনিৰ মূল্য ২ লাখ ৫৯ হাজাৰ টকা। লাচিত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে গাঞ্জাখিনি। কোনো অসাধু ব্যৱসায়ীয়ে ৰে’লৰ চিটৰ তলত লুকুৱাই আনিছিল জব্দকৃত গাঞ্জাখিনি। অৱশ্যে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই ৰে’লৱে সুৰক্ষা বাহিনীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us