মঙলদৈত ধ্বংস কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

৪৮৪ টা কাৰ্টুনত থকা ৪৩৫৬ লিটাৰ অবৈধ সুৰা আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰিছিল যদিও সুৰা পৰিবহণৰ সৈতে জড়িত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল।

author-image
Asomiya Pratidin
New Update
মঙলদৈত ধ্বংস কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

মঙলদৈত ধ্বংস কৰিলে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত ধ্বংস কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। ন্যায়ালয় আৰু দৰং জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে দৰং জিলা আবকাৰী বিভাগে ধ্বংস কৰিলে অবৈধ সুৰাখিনি। মঙলদৈ নৈৰ পাৰত ভাঙি পেলালে কাৰ্টুনে কাৰ্টুনে অবৈধ সুৰা।

Advertisment

উল্লেখযোগ্য যে, বিগত  ২০২২ চনতে মঙলদৈ সদৰ আৰক্ষী আৰু আবকাৰী বিভাগে এখন বাহনৰ সৈতে এই অবৈধ অৰুণাচলী সুৰাখিনি জব্দ কৰিছিল। ৪৮৪ টা কাৰ্টুনত থকা ৪৩৫৬ লিটাৰ অবৈধ সুৰা আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰিছিল যদিও সুৰা পৰিবহণৰ সৈতে জড়িত কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল। পৰৱৰ্তী সময়ত আদালত আৰু জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে মঙলদৈ সোনালী পাম ক্ৰীড়া প্ৰকল্পৰ দাঁতিত মঙলদৈ নৈৰ পাৰত আবকাৰী বিভাগে নষ্ট কৰে সুৰাখিনি।

মঙলদৈ