নিৰাপত্তা বাহিনীৰ অভিযান : মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ।‌ চূৰাচান্দপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন স্থানত অভিযান চলাই অসম ৰাইফলছ, বি এছ এফ আৰু মণিপুৰ আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB silchar.jpg 22

ডিজিটেল সংবাদ, শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ।‌ চূৰাচান্দপুৰ আৰু থৌবাল জিলাৰ বিভিন্ন স্থানত অভিযান চলাই অসম ৰাইফলছ, বি এছ এফ আৰু মণিপুৰ আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে। 

Advertisment

চূৰাচান্দপুৰ জিলাৰ টোলেন গাঁও, ছংফেল, গেলিজাং আৰু চংপি এলেকাৰ লগতে থৌবাল জিলাৰ লংগাঠেল হাংগোইপাট এলেকাত অভিযান চলাই এই অবৈধ মাৰণাস্ত্ৰসমূহ জব্দ কৰে। অভিযান কালত ৪ টা এছ এল আৰ, ৮টা ৰাইফল, ১৭টা ছিংগল বেৰেল গান, ৮টা এছ এল আৰ মেগজিন, ২৭টা টুৱেলভ ব'ৰ কাৰ্টিজ জব্দ কৰে। 

একেদৰে ২টা পম্পি, মেগজিনসহ ১টা পিষ্টল, ৯টা আই ই ডি, ১২টা পম্পি বুলেট, কেইবাটাও গ্ৰেণেড লঞ্চাৰসহ বিভিন্ন অস্ত্ৰ -শস্ত্ৰৰ বুজন পৰিমাণৰ সক্ৰিয় গুলি জব্দ কৰে।

মণিপুৰ