বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণত ওলাল বৃহৎ সংখ্যক নেপাল- বাংলাদেশৰ লোক

শেহতীয়াকৈ বিহাৰত ভাৰতীয় নিৰ্বাচন আয়োগে চলাইছে ভোটাৰ তালিকা পুনৰীক্ষণৰ এক সমীক্ষা। ঘৰে ঘৰে নিৰ্বাচন আয়োগৰ প্ৰতিনিধি গৈ ৰাজ্যখনৰ বুথসমূহত কৰিছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। 

author-image
Asomiya Pratidin
New Update
391

ডিজিটেল ডেস্ক : অসমৰ লগতে ২০২৬ চনত দেশৰ ৬খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্য কেইখন হৈছে অসম, বিহাৰ, কেৰালা, পডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ। গতিকে এই নিৰ্বাচনৰ আগেয়ে ভাৰতীয় নিৰ্বাচন আয়োগে চলাইছে ভোটাৰ তালিকা পুনৰীক্ষণৰ এক সমীক্ষা। 

Advertisment

শেহতীয়াকৈ বিহাৰত ভাৰতীয় নিৰ্বাচন আয়োগে চলাইছে ভোটাৰ তালিকা পুনৰীক্ষণৰ এক সমীক্ষা। ঘৰে ঘৰে নিৰ্বাচন আয়োগৰ প্ৰতিনিধি গৈ ৰাজ্যখনৰ বুথসমূহত কৰিছে ভোটাৰ তালিকাৰ পুনৰীক্ষণ। 

লক্ষ্যণীয়ভাৱে, আয়োগে চলোৱা এই সমীক্ষাত পোহৰলৈ আহিছে কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ অবৈধ ভোটাৰৰ নাম। তেওঁলোকে অস্থায়ীভাৱে বিহাৰত থাকি অত দিনে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। তাৰোপৰি তেওঁলোকৰ লগত নাই উপযুক্ত নথি-পত্ৰ। নাই স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰও।  

উল্লেখযোগ্য যে, এই সমীক্ষা মতে নেপাল- বাংলাদেশৰ লগতে ম্যানমাৰৰ বহু সংখ্যক লোকে বিহাৰত অবৈধভাৱে ভোটাৰ হিচাপে তালিকত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে ভোটদান সাৱ্যস্ত কৰি আহিছে। এতিয়া এই সমীক্ষাৰ পাছতে অবৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি আয়োগে জানিবলৈ দিয়ে। লগতে কয় বিহাৰৰ পাছতে পৰ্যায়ক্ৰমে আন আন ৰাজ্যতো ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম আৰম্ভ কৰা হ'ব।

bihar