ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত আৰক্ষীয়ে অভিযান চলায় জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ মজুত কৰি ৰখা অস্ত্ৰ । আটকাধীন জেহাদী আবুল জহৰ শ্বেখ (৩০)ৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ বহু পৰিমাণৰ বিস্ফোৰক, অস্ত্ৰ-গুলী-বাৰুদ ।
উল্লেখযোগ্য যে কোকৰাঝাৰৰ জয়পুৰ, নামাপাৰাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰ সমূহ ।
অভিযানকালত চাৰিটা হস্তনিৰ্মিত ৰাইফল, ৩৪ জাঁই সজীৱ গুলী, ২৪টা খালী কাৰ্টুজ উদ্ধাৰ কৰে অভিযানকাৰী দলে । আইইডি নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা সামগ্ৰীও উদ্ধাৰ কৰে দলটোৱে ।
উল্লেখ্য যে যোৱা ১৭ ডিচেম্বৰত কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত জেহাদীৰ বিৰুদ্ধে অভিযান চলাই এচটিএফে কেইবাজনো জেহাদীক আটক কৰিছিল ।
১৮ ডিচেম্বৰত আটকাধীন জেহাদীকেইটাক এচটিএফে অধিক সোধপোছৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল ।
আটকাধীন জেহাদী আবুল জহৰ শ্বেখ (৩০)ৰ স্বীকাৰোক্তিৰ ভিত্তিত কোকৰাঝাৰৰ জয়পুৰ, নামাপাৰাৰ পৰা অস্ত্ৰ-শস্ত্ৰ সমুহ উদ্ধাৰ কৰা হয় বুলি ডিজিপিয়ে বুধবাৰে এক্সযোগে প্ৰকাশ কৰিছে ।