ডিজিটেল সংবাদ,লংকাঃ হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ৭নং পূৱ উদালীত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে। জানিব পৰা মতে, হাতীৰ জাকৰ পৰা অকলশৰীয়া হোৱা এটি বন্যহস্তীয়ে ৭নং পূৱ উদালীৰ এঘৰত বিস্তৰ ক্ষতি কৰে। ৭নং পূৱ উদালীৰ অকন চন্দ্ৰ নাথৰ ঘৰৰ বেৰ ভাঙি ক্ষতি কৰে বনৰীয়া হাতীটোৱে।
ইফালে নিশা অকন চন্দ্ৰ নাথৰ পৰিবাৰে ভাত বনাই থকা অৱস্থাত বন্যহস্তীয়ে পাকঘৰৰ বেৰ ভাঙি বহুখিনি অনিষ্ট কৰে। সেই সময়ত ঘৰত নাছিল অকন চন্দ্ৰ নাথ। লগে লগে তেওঁৰ পত্নীয়ে দুই সন্তানক লগত লৈ দৌৰি আনৰ ঘৰত গৈ আশ্ৰয় লয়। কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ।
এই ঘটনাৰ পাছতে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভুক্তভোগীয়ে। উল্লেখ্য যে, ৪ দিনৰ পূৰ্বেও উক্ত ঘৰটোত বন্যহস্তীয়ে আক্ৰমণ কৰিছিল।