মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিত দুৰ্নীতি: লংকাত চপৰা-চপৰে এৰিছে নিৰ্মীয়মান পথ

মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিত দুৰ্নীতি: লংকাত চপৰা-চপৰে এৰিছে নিৰ্মীয়মান পথ

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিত দুৰ্নীতি: লংকাত চপৰা-চপৰে এৰিছে নিৰ্মীয়মান পথ

ডিজিটেল সংবাদ,হোজাইঃ হোজাই জিলাত পথ মেৰামতিৰ নামত চলিছে ব্যাপক দুৰ্নীতি। গড়কাপ্তানি বিভাগৰ টেৰিটৰিয়েল ডিভিজনৰ অধীনত ২০২২/২৩ বৰ্ষৰ ২ কিলোমিটাৰ ২৫ মিটাৰ পথ নিৰ্মাণৰ বাবদ অনুমোদিত ৪ কোটি ১৮ লাখ ৩৫ টকাৰ পথটি সংশ্লিষ্ট ঠিকাদাৰগৰাকীৰ গাফিলতিৰ বাবে নিৰ্মীয়মান অৱস্থাতে এতিয়া চপৰা-চপৰে খহি যোৱা পৰিলক্ষিত হৈছে।

Advertisment

লংকাৰ ১ নং কাকী চাৰিআলিৰ পৰা ৩ নং দ'ব্লক গাঁও সংযোগী পথছোৱাৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ।পৰৰ্ৱতী সময়ত বিভাগটোৰ অভিযন্তা গিৰিশ চন্দ্ৰ চৌধুৰী উপস্থিত হৈ নিম্নমানৰ কামৰ কথা স্বীকাৰ কৰে।

অভিযন্তা গৰাকীয়ে বিসংগতি হোৱা ঠাইসমূহত পুন:নিৰ্মাণৰ আশ্বাস দিয়ে।উল্লেখ্য যে, এচাম দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰে মিলি এইদৰেই নিম্নমানৰ কামেৰে উদৰস্থ কৰি আহিছে চৰকাৰী ধন।

lanka