শৰত কালৰ ৰাতি অতি বিতোপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলাসনঃ ভক্তি ৰসত বুৰ গ'ল কাকী...

ৰাস উৎসৱ এক আধ্যাত্মিক তথা পবিত্র উৎসৱ। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত থাকোঁতে লিপ্ত হোৱা কাৰ্যবোৰকেই ৰাস উৎসৱত প্ৰদৰ্শন কৰা হয়। আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকিত।

author-image
Asomiya Pratidin
New Update
raslila

ডিজিটেল সংবাদ, লংকাঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ৰাসোৎসৱৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে। ৰাস উৎসৱ এক আধ্যাত্মিক তথা পবিত্র উৎসৱ। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত থাকোঁতে লিপ্ত হোৱা কাৰ্যবোৰকেই ৰাস উৎসৱত প্ৰদৰ্শন কৰা হয়।

আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকিত হয় । আনফালে উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্ততে লোকে-লোকাৰণ্য হৈ পৰিছে ৰাসস্থলীত। 

উল্লেখ্য যে, লংকাৰ ১ নং কাকী ১ নং গাঁও সাৰ্ব্বজনীন ৰাসোৎসৱতো লোকে-লোকাৰণ্য পৰিৱেশ হৈ পৰিছে । ৰাসস্থলীত মহাপুৰুষজনাৰ কেলি গোপাল নাট উপভোগ কৰি আপ্লুত হৈ পৰে  প্ৰতিজন দৰ্শক।

হোজাইৰ স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষেও দৰ্শকৰ শাৰীত বহি উপভোগ কৰি আপ্লুত হৈ পৰে লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ফেষ্টুন আঁৰি নৃত্য  কৰাও পৰিলক্ষিত হয় । 

lanka