Advertisment

লংকাত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

লংকাৰ নখুটীত এজন অচিনাক্ত লোকৰ মৃতদেহক লৈ বিপাঙত হোজাই আৰক্ষী।। যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে নখুটীৰ লালমাটি জয়পুৰত ডিঙিত চিপ লৈ থকা অৱস্থাত এজন প্ৰায় ৫৫ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল নখুটী আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
U jj

ডিজিটেল  সংবাদ, লংকাঃ  লংকাৰ নখুটীত এজন অচিনাক্ত লোকৰ মৃতদেহক লৈ বিপাঙত হোজাই আৰক্ষী।। যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে নখুটীৰ লালমাটি জয়পুৰত ডিঙিত চিপ লৈ থকা অৱস্থাত এজন প্ৰায় ৫৫ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল নখুটী আৰক্ষীয়ে।

Advertisment

কিন্তু এতিয়া লৈকে মৃতদেহ টোৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাত মৰোনোত্তৰ পৰীক্ষা পাছত নগাঁও মেডিকেল কলেজৰ মৰ্গতে পৰি আছে মৃতদেহ টো। জানিব পৰা মতে ৬ মাহ মান ধৰি নখুটী বিভিন্ন অঞ্চলত অনাই বনাই ঘুৰি ফুৰিছিল লোক জন।

এই অচিনাক্ত মৃতদেহটোক লৈ বিশাঙত পৰিছে আৰক্ষী। মৃতদেহ টোৰ পৰিচয় কোনো ‌ব্যক্তিয়ে জানিলে ৯৬৭৮৯৪০৬১২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে নখুটী আৰক্ষীয়ে।

লংকা