কাকীত ডিমৰু মহোৎসৱ আয়োজন...

হোজাই জিলাৰ কাকী ডিমৰুপথাৰত সম্প্ৰীতিৰ বাটেৰে ২৩ টা জনগোষ্ঠীৰ আলোকৰ যাত্ৰাৰে আয়োজন ডিমৰু মহোৎসৱ,২০২৫। কাকী বনাঞ্চলৰ ১৭২ খন গাঁওৰ ২৩ টা জাতি-জনগোষ্ঠীৰ সমন্বয়ত অহা ২১,২২ আৰু ২৩ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ডিমৰু মহোৎসৱ। 

author-image
Asomiya Pratidin
New Update
bvv

ডিজিটেল সংবাদ,লংকাঃ  মুখ্যমন্ত্ৰী আগমণক লৈ উখল মাখল কাকী ডিমৰুপথাৰ সমন্বয় ক্ষেত্ৰ।হোজাই জিলাৰ কাকী ডিমৰুপথাৰত সম্প্ৰীতিৰ বাটেৰে ২৩ টা জনগোষ্ঠীৰ আলোকৰ যাত্ৰাৰে আয়োজন ডিমৰু মহোৎসৱ,২০২৫।

Advertisment

কাকী বনাঞ্চলৰ ১৭২ খন গাঁওৰ ২৩ টা জাতি-জনগোষ্ঠীৰ সমন্বয়ত অহা ২১,২২ আৰু ২৩ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ডিমৰু মহোৎসৱ। ইয়াৰ অংশস্বৰূপে কালি এক উলহ-মালহ পৰিৱেশত ডিমৰুপথাৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হ'য়।

অঞ্চলটোৰ ২৩ টা জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণেৰে এক বৃহৎ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ স্থাপন কৰা হ'য় লাইখুঁটা। উল্লেখ্য যে,তিনিদিনীয়া ডিমৰু মহোৎসৱৰ কাৰ্যসূচীত বনাঞ্চলখনত বাস কৰা ২৩ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি,খাদ্য সম্ভাৰ প্ৰদৰ্শনৰে বাণিজ্য মেলা অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভা,সাংস্কৃতিক অনুষ্ঠান আদিৰে অনুষ্ঠিত হ'ব প্ৰথমবাৰৰ বাবে আয়োজন কৰা ডিমৰু মহোৎসৱখনি।

বিশেষকৈ,বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ণ,ৰাজনৈতিক-অৰ্থনৈতিক উন্নয়ণৰ মূল্যায়ণৰ বাবে ইপিনে, আয়োজক সমিতিয়ে জনোৱা মতে,২৩ মাৰ্চৰ মুকলি সভাত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী পীযুষ হাজৰীকা,কেশৱ মহন্তৰ লগতে বিটিচি প্ৰধান প্ৰমোদ বড়ো,কাৰ্ৱি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং,উত্তৰ কাছাৰ পাৰ্ৱত্য জিলাৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা আদিয়ে।

হোজাই