/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
ডিজিটেল সংবাদ, লংকা : হোজাইৰ লংকাত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। সোমবাৰে নিশা এগৰাকী ১৭ বছৰীয়া ছাত্ৰীয়ে শুৱনি কোঠাত বাছি লয় চৰমপন্থা।
জানিব পৰা মতে লংকাৰ ফৰমাপাৰ আমতলাৰ এই ছাত্ৰীগৰাকীয়ে নিশা পিতৃক বাহিৰলৈ যাবলৈ দি নিজ ঘৰতে ফাঁচী লগাই অকাল মৃত্যুক আঁকোৱালি লয়। অৱশ্যে কিয় তেওঁ এই পথ বাছি ল’লে অথবা মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উক্ত ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈছে স্থানীয় আৰক্ষী। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে ছাত্ৰীগৰাকীৰ অকাল বিয়োগত অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰাৰ লগতে সচেতন মহলত ঘটনা সন্দৰ্ভত চৰ্চা চলিছে।