লংকাৰ কাকীত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক কেলেংকাৰী...

লংকাৰ কাকীত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক কেলেংকাৰী...

author-image
Asomiya Pratidin
New Update
লংকাৰ কাকীত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক কেলেংকাৰী...

ডিজিটেল ডেস্কঃ লংকাৰ কাকীত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক কেলেংকাৰীৰ অভিযোগ। অভিযোগ অনুসৰি লামডিং সমষ্টিৰ অন্তৰ্গত,লামডিং উন্নয়ণ খণ্ডৰ কাকী টঙীয়া গাওঁ পঞ্চায়তত সংঘটিত হৈছে এই কেলেংকাৰী। অভিযোগ অনুসৰি ২০২৩ -২০২৪ এক চৰকাৰী আঁচনিৰ অধীনত কাকী টঙীয়া গাওঁ পঞ্চায়তৰ বনীয়া গাঁৱত এটা ৰাজহুৱা ঘৰ নিৰ্মাণৰ বাবে ৫০০০০০ টকা আবণ্টন হৈছিল।

Advertisment

কিন্তু এই আচঁনিৰ অধিনত ৰাজহুৱা গৃহটো নিৰ্মাণ হল যদিও আঁচনি মতে নিৰ্মাণ নোহোৱা অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে গৃহটো নিৰ্মাণ কৰিলে যদিও গৃহ টো দেখিলে আপোনাৰ চকু কপালত উঠিব।গৃহটোৰ মজিয়াত আৰু কাষত মাটি ভালদৰে নিদিয়াৰ ফলত ঘৰটো লাহে লাহে বহি যায ধৰিছে।

ইয়াৰ উপৰিও আঁচনি অনুসৰি চিলিং বৰ্ড আছিল যদিও চিলিং বৰ্ড নলগোৱাকৈ ঠিকাদাৰে কাম শেষ হোৱা বুলি বিল আদায় কৰি লোৱাৰ অভিযোগ ৰাইজৰ।। এতিয়া কথা হ'ল প্ৰায় ২ লাখ টকাতে এটা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ ইয়াত কৈ ভাল দৰে নিৰ্মাণ হয় বুলি অভিযোগ ৰাইজৰ।

লংকা