/asomiyapratidin/media/media_files/2025/03/25/irth4xSebjYkTiXmto8h.jpg)
ডিজিটেল সংবাদ,হোজাইঃ হোজাইত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলা বিজেপিয়ে । আজি জিলা বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত দলটোৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদত উপস্থিত থাকে ভাষিক সংখ্যালঘুৰ চেয়াৰমেন শিলাদিত্য দেৱ, এচ ছি মৰ্চাৰ ৰাজ্যিক সম্পাদক অৰ্জুন মজুমদাৰ লগতে বিজেপি কৰ্মী সকল। বিধায়ক নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰাৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে।
নুৰুল হুদা হায় হায়, কংগ্ৰেছ বিধায়ক মুৰ্দাবাদ, কংগ্ৰেছ বিধায়ক হুচিয়াৰ, কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰী নচলিব আদি শ্লোগান দি প্ৰতিবাদ সাৱ্যস্ত কৰে বিজেপি প্ৰতিবাদকাৰীসকলে।