/asomiyapratidin/media/media_files/2025/03/10/fPSPIRubkDdwZI9c48zq.jpg)
ডিজিটেল সংবাদ,লংকাঃ আজি লংকাৰ খাৰিখানাত বালি ভৰ্তি বাহনৰ খুন্দাত নিহত হয় এজন লোক। মৃত লোকজনৰ নাম আলিম উদ্দিন মজুমদাৰ। জানিব পৰা মতে মজুমদাৰক পাছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে দ্ৰুতবেগী বাহনখনে।
ইফালে ঘটনা সংঘটিত হোৱা পাছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। উল্লেখ যে, হোজাই- কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী কাৰিখানাৰ কপিলী নৈৰ পাৰৰ পৰা বিগত বহু দিন ধৰি কাৰিখানাৰ পৰা কপিলীপাৰ সংযোগী উক্ত পথৰে প্ৰতিদিনে শ শ বালি ভৰ্তি ডাম্পাৰ পাৰ হয়।
ৰাইজে হাজাৰ বাৰ আবেদন-নিবেদন দিও বালি ট্ৰাক,ডাম্পাৰ, ট্ৰিপাৰৰ দৌৰাত্ম বন্ধ কৰিব নোৱাৰাত আজি এই ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ উজাৰে ৰাইজে। লগতে বহু সময় ধৰি মৃতদেহ কঢ়িওৱা এম্বুলেন্স আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে উক্ত স্থানত আৰক্ষী উপস্থিত হয় যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ফলত স্থানীয় গাঁওৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি শান্ত কৰা লগতে মৃতদেহ কঢ়িওৱা এম্বুলেন্সখন যাবলৈ দিয়ে।