ৰুষ্ট প্ৰকৃতিৰ ৰোষত ভেনিজুৱেলাঃ ভূমিস্খলনত নিহত ২২, সন্ধানহীন অৰ্ধশতাধিক...

author-image
Asomiya Pratidin
New Update
ৰুষ্ট প্ৰকৃতিৰ ৰোষত ভেনিজুৱেলাঃ ভূমিস্খলনত নিহত ২২, সন্ধানহীন অৰ্ধশতাধিক...

venezuela

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ভূমিস্খলনত অতি কমেও ২২ জন লোকৰ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে ভেনিজুৱেলাত। ভেনিজুৱেলাৰ লাছ তেজেৰিয়াছত সংঘটিত হৈছে এই কৰুণ ঘটনা।

Advertisment

ধাৰাসাৰ বৰষুণৰ বাবেই এই তেজেৰিয়াছত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ভেনিজুৱেলাৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ভূমিস্খলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে। এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় অৰ্ধ শতাধিক লোক। ভূমিস্খলনৰ ফলত ধ্বংস হৈছে বহু বাসগৃহ, ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে কেইবাখনো নদীৰ জলপৃষ্ঠ।

স্থানীয় এজন বিষয়াৰ মন্তব্য অনুসৰি- যোৱা ৩০ বছৰত লাছ তেজেৰিয়াছৰ সৰ্ববৃহৎ নদীৰ জলস্তৰ বৃদ্ধি হৈ বিভিন্ন অঞ্চল প্লাবিত কৰি তুলিছে। ইয়াৰ পূৰ্বে ১৯৯৯ চনত ভাাৰ্গাচ চহৰত এক ভয়ংকৰ ভূমিস্খলন হৈছিল । য'ত ১০ হাজাৰ লোকৰ মৃত্যু হৈছিল।

venezuela landslide