/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/chan.jpg)
ডিজিটেল ডেস্কঃ মাজনিশা প্ৰায় ১.৩০ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২য়ে কঢ়িয়াই নিয়া লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান। চন্দ্ৰযান-২ৰ সবাতোকৈ জটিল এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে ভাৰতে ৰচিব নতুন ইতিহাস। আহক জানো লেণ্ডাৰ 'বিক্ৰম' আৰু ৰভাৰ 'প্ৰজ্ঞান'ৰ বিষয়েঃ
- বিক্ৰম আৰু ইয়াৰ ভিতৰত থকা ৰভাৰ 'প্ৰজ্ঞান'–এ শনিবাৰে নিশা ১বাজি ১ ০মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আশা কৰা হৈছে।
- চন্দ্ৰপৃষ্ঠত নমাৰ পিছতে বিক্ৰমৰ পৰা ৰভাৰ প্ৰজ্ঞান পুৱা ৫বাজি ৩০মিনিটৰ পৰা ছয় বাজি ৩০মিনিটৰ ভিতৰত ওলাই যাব।
- লেণ্ডাৰ বিক্ৰমে চন্দ্ৰমাৰ পৃষ্ঠত ৰভাৰ প্ৰজ্ঞানক লন্স কৰিব, যিটো সৌৰ শক্তিৰে সঞ্চালিত হয়।
- এই ৰভাৰত ছটা চকা আছে আৰু প্ৰতি ছেকেণ্ডত ১ছে.মি. গতিৰে প্ৰায় ৫০০মিটাৰ দূৰত্ব ই অতিক্ৰম কৰিব।
- ৰভাৰে জমা কৰা ডাটা লেণ্ডাৰলৈ প্ৰেৰণ কৰিব, লেণ্ডাৰৰ জৰিয়তে এই ডাটা ইছৰ'ৰ মহাকাশ ষ্টেশ্যনলৈ আহিব।
- ৰভাৰ প্ৰজ্ঞান চন্দ্ৰৰ এদিন বা পৃথিৱীৰ হিচাপত ১৪দিনলৈ সক্ৰিয় হৈ থাকিব।
- উল্লেখ্য যে, চন্দ্ৰৰ এদিন পৃথিৱীৰ ১৪দিনৰ সমান। লেণ্ডাৰ মিছন জীৱনকাল এক চন্দ্ৰ দিৱসেই। আনহাতে অৰবিটেৰে এবছৰলৈ সক্ৰিয় হৈ থাকিব।
- লেণ্ডাৰৰ নাম বিক্ৰম ৰখা হৈছে কাৰণ এই সংস্কৃত শব্দটোৰ অৰ্থ বীৰত্বৰ সৈতে সম্পৰ্কিত।
- বিক্ৰম নামটো ৰখাৰ আন এটা উদ্দেশ্য বিজ্ঞানী বিক্ৰম চাৰাভাইক শ্ৰদ্ধাঞ্জলি দিয়াও হয়।
- প্ৰজ্ঞানৰ ওজন ২৭কিলোগ্ৰাম আৰু ৫০ৱাট ক্ষমতাৰে ই পৰিচালিত।
- প্ৰজ্ঞানত সংযোজিত কৰা হৈছে টেৰেন মেপিং কেমেৰা।
- ইয়াৰ দ্বাৰা চন্দ্ৰপৃষ্ঠৰ বহুতো ৰহস্যৰ উমান পোৱা যাব।