/asomiyapratidin/media/media_files/2025/02/23/mZtcqQjWNUkw0dVtr7Ij.jpg)
পথাৰকান্দিত কলাক্ষেত্ৰৰ বাবে সত্ৰ মহাসভাক ভূমি হস্তান্তৰ
ডিজিটেল সংবাদ, গুৱাহাটী : সত্ৰীয়া কৃষ্টি- সংস্কৃতিৰ প্ৰচাৰ -প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে বৰাক উপত্যকাৰ শ্ৰী ভূমি জিলাৰ পথাৰকন্দিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লেখিয়াকৈ অন্য এখন কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে যো-জা চলোৱা হৈছে। এই উদ্দেশ্যে দেওবাৰে পথাৰকান্দি সৈনিক উন্নয়ন সমিতিৰ উদ্যোগত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজে অসম সত্ৰ মহাসভা লৈ আগবঢ়োৱা ১০০ বিঘা ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে ২৩ ফেব্ৰুৱাৰীত সম্পন্ন হয়।
অসম সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ২৩ ফেব্ৰুৱাৰীত পথাৰকান্দিৰ গজাধৰপুৰ প্ৰাক্তন সৈনিক উন্নয়ন সমিতিৰ নামত থকা ২০৭০ বিঘা ভূমিৰ পৰা ১০০ বিঘা ভূমি হস্তান্তৰ নথি পত্ৰ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিবলৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভূমিৰ নথি-পত্ৰ আনুষ্ঠানিকভাবে সত্ৰ মহা সভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ হাতত অৰ্পন কৰে সংগঠন দুটাৰ হৈ বিশ্বজিৎ সিনহাই।
এই উপলক্ষে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই সৈনিক উন্নয়ন সমিতি আৰু বিষ্ণুপ্ৰিয়া সমাজৰ এনে বিৰল পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰস্তাৱিত কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো সহায় সহযোগ আগবঢ়াবলৈ বৰাক উপত্যকাৰ লগতে সমগ্ৰ অসমৰ ৰাইজলৈ আহ্বান জনায়। সত্ৰ মহাসভাই কলাক্ষেত্ৰৰ নিৰ্মাণ হ'লে গুৰুদুজনাৰ অমূল্য সৃষ্টি ৰাজি বিশ্বমুখী কৰাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/media_files/2025/02/23/x5PksXkcAF07tL2fYrqW.jpg)
আনহাতে, অনুষ্ঠানৰ আগমূহুৰ্তত সৈনিক উন্নয়ন সমিতিৰ সম্পাদক বিশ্বজিৎ সিনহাৰ নেতৃত্বত উন্নয়ন সমিতিৰ সৈতে হোৱা এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন আৰু আলোচনাৰ পিছত শ্ৰীভূমি জিলাৰ তিনিটা ঐতিহাসিক স্থানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একান্ত ভকত মহাবীৰ চিলাৰায় আৰু গুৰুজনাক সত্ৰ নামঘৰৰ মণিকূটৰ পৰা বিশ্ববাসীক পৰিচয় কৰাই দিয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।