/asomiyapratidin/media/media_files/2025/06/08/xxwlISM1jAt3MHqiHssj.jpeg)
ভূমিকেন্দ্ৰিক সংঘাট
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ তামাৰহাটৰ পোকালাগীত সংঘটিত হয় ভূমি কেন্দ্ৰিক বিবাদত। এই বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হয় ভয়ংকৰ মাৰপিট। এই মাৰপিটত ২০ জনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। চুবুৰীয়া পশ্চিম বংগৰ পৰা গুণ্ডাবাহিনী আনি মাৰপিট সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাত পিষ্টল লৈ আহি গুলি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আন এটা পক্ষই।
প্ৰায় পঞ্চাশ বছৰ ধৰি পোকালাগী এলেকাৰ ছানোৱাৰ হুছেইন শ্বেখৰ উত্তৰাধিকাৰীয়ে ভোগদখল কৰি আছিল চাৰি বিঘা মাটি। এই চাৰি বিঘা মাটিত দেওবাৰে পূৱা প্ৰয়াত ৰমজান আলীৰ নাতীয়েক হাসেম আলীৰ লগত যোৱা এটা ফৈদে হঠাতে দখল কৰিবলৈ যোৱাত সংঘটিত হয় এই ঘটনা।
ইফালে, মাৰপিটত দুই পক্ষৰ পুৰুষ মহিলাকে ধৰি ২০ জনৰো অধিকলোক গুৰুতৰভাৱে আহত হয় আৰু দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তাৰে ভিতৰত খাইৰুল বাদসা আৰু নাজমা খাতুন নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক। আনহাতে, ঘটনাস্থলীত তামাৰহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে আহতসকলক তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ অন্তত আটাইকে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, এই ভূমিকেন্দ্ৰিক মাৰপিটৰ ঘটনাত ছানোৱাৰ হুছেইন শ্বেখৰ পক্ষৰ আহত কেইজনক ক্ৰমে- ছানোৱাৰ হুছেইন শ্বেখ, নাজমা বেগম, মুক্তাৰ আলী, আক্তাৰ আলী, আবুল কাশেম সেখ, মোস্তাফিজুৰ ৰহমান, মনিৰুল হক, মাজাহাৰুল হক, ফজলুল হক, বাশাৰ আলী সেখ, মতিয়ৰ ৰহমান, মান্নান আলী, আখিৰুল ইছলাম, ছাইদুল ইছলাম, শ্বৰিফুল সেখ আৰু শ্বাহ বদিয়াজ জামান বুলি চিনাক্ত কৰা হৈছে। আনহাতে, হাচেন আলীৰ পক্ষৰ আহত কেইজনক ক্ৰমে ছামেদ আলী,হানিফ আলী সেখ,আমিনুৰ ইছলাম, হাছেন তালুকদাৰ, হুছেইন তালুকদাৰ, আজিজুল সেখ (পশ্চিমবংগ), হাফিজুৰ ৰহমান (পশ্চিমবংগ) আৰু শ্বাহানুৰ তালুকদাৰ বুলি জানিব পৰা গৈছে।