আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে পুনৰ উত্তপ্ত পৰ্বতঝোৰা

প্ৰাক্তন বিএলটি কল্যাণ সমিতি, পৰ্বতঝোৰা বন বিভাগৰ এটি দলে পানীজানি অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদৰ্শন কৰাৰ পিছতেই স্থানীয় পাঁচ ছয়খন গাঁৱৰ ভূমি পুত্ৰ বড়ো জনগোষ্টীয় ৰাইজে আদানী গ্রুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
fdsfsdf

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ আদানী গ্ৰুপক তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধীতাৰে পুনৰ উত্তপ্ত হ'ল পৰ্বতঝোৰাৰ পানীজানি অঞ্চল। শুকুৰবাৰে প্ৰাক্তন বিএলটি কল্যাণ সমিতি আৰু পৰ্বতঝোৰা বন বিভাগৰ এটি দলে পানীজানি অঞ্চলত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদৰ্শন কৰাৰ পিছতেই স্থানীয় পাঁচ ছয়খন গাঁৱৰ ভূমি পুত্ৰ বড়ো জনগোষ্টীয় ৰাইজে আদানী গ্রুপক ভূমি প্ৰদানৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, প্ৰথমতে বাসবাৰীত এই তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ জো-যা কৰাৰ পিছতেই বাসবাৰী ৰাইজে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰকল্পটো পানিজানি অঞ্চলত হস্তান্তৰ কৰিব বিচাৰত পানীজানি গঞা ৰাইজে প্রমোদ বড়ো গ' বেক, হিমন্ত বিশ্ব শৰ্মা গ' বেক, খিলঞ্জীয়া বিৰোধী হুছিয়াৰ,বড়ো বিৰোধী হুচীয়াৰ,এই মাটি আমাৰ মাটি, এই মাটি এৰি দিয়া নহ'ব আদি শ্লোগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আদানী গ্ৰুপ আদানী