/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/12d6c987-f28d-4150-945b-b376b9f6949c/lamding_agp.jpg)
Lamding AGP
ডিজিটেল ডেস্কঃ লামডিঙত অসম গণ পৰিষদৰ সংবাদ মেল। লামডিঙৰ অগপ ৰ সভাপতি মন্তুষ পালে শণিবাৰে এক সংবাদ মেলৰ জৰিয়তে লামডিঙ মহাবিদ্যালয়ৰ এজন অধ্যাপকৰ বিৰুদ্ধে ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে ।
তেওঁ অধ্যাপক গৰাকীৰ বিৰুদ্ধে কয় যে লামডিঙ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী অধ্যাপকে দীৰ্ঘদিন ধৰি জালিয়াতি কৰি লামডিঙ মহাবিদ্যালয়ত চাকৰি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে । লামডিং মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে মন্তুষ পালে।
উল্লেখ যে পূৰ্বতেও এই সন্দৰ্ভত লামডিঙ অগপ ৰ সভাপতি গৰাকীয়ে অধ্যাপক গৰাকীৰ বিৰুদ্ধে সংবাদ মেল সম্বোধন কৰিছিল। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতো লামডিঙ মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ লোৱা নাই তথা লামডিঙ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া RTI ৰ উত্তৰত তেওঁ সন্তুষ্ট নহয় বুলি সংবাদ মেলত জনায় অগপৰ সভাপতি গৰাকীয়ে ।
অৱশেষত অধ্যাপক গৰাকীৰ জালিয়াতী প্ৰ-পত্ৰ সমূহ ফাদিল কৰাৰ বাবে আইনৰ আশ্ৰয় লয় বুলি অৱগত কৰে সভাপতি মন্তুষ পালে।