পঞ্চায়ত নিৰ্বাচনৰ বাবে বিধায়ক শিবু মিশ্ৰৰ নেতৃত্বত সাজু লামডিং সমষ্টি...

লামডিং সমষ্টিত বিধায়ক শিবু মিশ্ৰৰ তৎপৰতা পৰিলক্ষিত হৈছে। দলৰ কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ লামডিং সমষ্টিৰ কাকীৰ পৰাই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ।

author-image
Asomiya Pratidin
New Update
fg

ডিজিটেল সংবাদ, লংকাঃ   পহিলা এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে বিজেপি। লামডিং সমষ্টিত বিধায়ক শিবু মিশ্ৰৰ তৎপৰতা পৰিলক্ষিত হৈছে। দলৰ কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰিবলৈ লামডিং সমষ্টিৰ কাকীৰ পৰাই আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ।

কাকী ডিফলুত বিজেপিৰ এটা মণ্ডল কাৰ্যালয় মুকলি কৰিছে বিধায়ক মিশ্ৰই। সমষ্টিটোত নৱ নিৰ্বাচিত বিজেপিৰ কাকী মণ্ডলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা যুৱ নেতা বিনয় কলিতাকো কেবাটাও দায়িত্ব অৰ্পণ কৰিছে শিবু মিশ্ৰই।

বিজেপিৰ ততপৰতা দেখি এইবেলি পূৰ্বতকৈ লামডিং সমষ্টিত বিজেপিৰ ফলাফল ভাল হ'ব বুলি আশা কৰিছে ৰাইজে। উল্লেখ্য যে, সমষ্টি পুমৰ নিৰ্ধাৰণৰ পাছত প্ৰথম বাৰৰ বাবে হ'ব লগা পঞ্চায়ত নিৰ্বাচনী যুঁজখন নিশ্চিত ভাৱে আকৰ্ষণীয় হ'ব যেন অনুমান কৰা হৈছে।

লামডিং