লামডিঙত বোৱাৰীৰ ৰহস্যজনক মৃ*ত্যুক কেন্দ্ৰ কৰি উত্তেজনা...

লামডিঙত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা ৷   লামডিং জংঙ্গলী কালিবাড়ীত সংঘটিত হৈছে এই ঘটনা ৷   পকী কোৱাৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বোৱাৰীগৰাকীক ৷  কাৰ্বিআংলং জিলাৰ প্ৰিয়ংকা দেৱনাথ নামৰ বোৱাৰী গৰাকী লামডিঙৰ

author-image
Asomiya Pratidin
New Update
ahmah
  • লামডিঙত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা ৷  
  • লামডিং জংঙ্গলী কালিবাড়ীত সংঘটিত হৈছে এই ঘটনা ৷  
  • পকী কোৱাৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে বোৱাৰীগৰাকীক ৷ 
  • কাৰ্বিআংলং জিলাৰ প্ৰিয়ংকা দেৱনাথ নামৰ বোৱাৰী গৰাকী লামডিঙৰ ৰকি দেৱনাথলৈ বিয়া হৈছিল ৷ 
  • মৃত বোৱাৰীগৰাকীৰ কাৰ্বি আংলং জিলাৰ পৰা এটা মাহৰ পূৰ্ৱে লমডিঙলৈ বিয়া হৈ আহিছিল ৷ 
  • যৌতুকৰ বাবে তথা স্বামীৰ পৰকীয় প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ 
  • বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক স্বামী আৰু শহুৰৰ পৰিয়ালে যৌতুকৰ বাবে অকৈথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ 
  • পুৱতি নিশা বোৱাৰী গৰাকীয়ে স্বামীগৃহৰ পকী কোৱাৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে ৷ 
  • প্ৰিয়ংকাৰ পৰিয়ালে অভিযোগ তুলি কয় যে স্বামী তথা পৰিয়ীলে হত্যা কৰিছে ৷
  • ঘটনাৰ কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰিয়ংকাৰ পৰিয়ালে  উত্তেজনাৰ সৃষ্টি কৰে ৷
  • ঘটনাস্থলীত লামডিং আৰক্ষী আৰু জিলা দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ 
  • এই সন্দৰ্ভত প্ৰিয়ংকাৰ পৰিয়ালে লামডিং থানাত দাখিল কৰাৰ এজেহাৰৰ ভিক্তিত ইতিমধ্যে লামডিং আৰক্ষীয়ে  অভিযুক্ত স্বামী ৰকি দেৱনাথক আটক কৰিছে আৰু প্ৰিয়ংকাৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাৱলৈ প্ৰেৰণ কৰিছে ৷
লামডিং লামডিং আৰক্ষী