Advertisment

লামডিঙত চাঞ্চল্যকৰ ঘটনা : চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ

লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই চৰম সিদ্ধান্ত বাছি লয় কিশোৰগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
lumding

lumding

ডিজিটেল সংবাদ, লামডিং : লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 

Advertisment

জানিব পৰা মতে পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত এগৰাকী কিশোৰৰ মৃতদেহ নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ হয় ৷ পৰিয়ালৰ লোকে কিশোৰগৰাকীয়ে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে ৷ 

মৃত কিশোৰগৰাকীৰ নাম ৰাজ দাস বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ 

উল্লেখযোগ্য যে পুৱাৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে এই চৰম সিদ্ধান্ত বাছি লয় কিশোৰগৰাকীয়ে ৷ কিয় আৰু কিহৰ বাবে এইধৰণৰ চৰম সিদ্ধান্ত ল’বলগীয়া হ'ল তাৰ কোনো উত্তৰ এতিয়ালৈকে আৰক্ষী তথা পৰিয়ালৰ লোকে জানিব পৰা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷

LUMDING POLICE Assam police