লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ

লখিমপুৰৰ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছিল ধন দাবী আৰু ভাবুকিৰ অভিযোগ। 

author-image
Asomiya Pratidin
New Update
লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰ জিলাৰ লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপন হৈছিল ধন দাবী আৰু ভাবুকিৰ অভিযোগ। 

Advertisment

অভিযোগ অনুসৰি লালুকৰ পুখুৰী পৰিয়াৰ শিক্ষক নৰেন্দ্ৰ চেতিয়াক আৰক্ষী থানালৈ মাতি নি পিছত মাস্ক পৰিধান কৰা তিনিজনীয়া এটা দলৰ সৈতে এখন ৱেগনাৰ বাহনত বহুৱাই লৈ লালুকৰ ইফালৰ পৰা সিফাললৈ ঘূৰাই গাড়ীৰ ভিতৰতে ১ লাখ টকা দাবী কৰে। তাৰোপৰি বাহনখনৰ আগফালে বহি থকা লোকজনক ডি এছ পি বুলিও উল্লেখ কৰিছিল। 

সম্পূৰ্ণ ডকাইতিৰ আৰ্হিত তেওঁক ১ লাখ টকা দাবী কৰা বুলি উল্লেখ কৰি সেই ধন নিদিলে ভুৱা গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰাৰো ভাবুকি দিয়ে। তাৰোপৰি আৰক্ষী বিষয়া মিল্টন বৰগোঁহায়ে লালুক বাছ আস্থানৰ সমীপত থকা তেওঁৰ ভাগিনীয়কৰ ৱাইনশ্বপখনৰ বাবেই এই ধন দাবী কৰা বুলিও জানিবলৈ দিয়ে। 

তাৰোপৰি শিক্ষকগৰাকীয়ে অভিযোগ পত্ৰত লিখিছে তেওঁলৈ আৰক্ষী বিষয়াগৰাকীয়ে কৰা ফোন কল ৰেকৰ্ডো ডিলিট কৰি দিয়ে মিল্টন বৰগোঁহায়ে। পিছত আৰক্ষী থানাৰ সন্মুখত নমাই দি এক লাখ টকা নোৱাৰিলে ৬০ হাজাৰ টকা ১০ মিনিটৰ ভিতৰত আদায় দিবলৈ কয়। তেওঁ থানাৰ সন্মুখৰ পৰা অহাৰ পিছত ধন দাবীৰে নিশা ১১-৩০ বজালৈ তেওঁক ফোন কৰি মাতি থাকে বুলিও অভিযোগ পত্ৰত উল্লেখ কৰিছে।

এই ঘটনা সন্দৰ্ভত ১১ জুনত শিক্ষক নৰেন্দ্ৰ চেতিয়াই লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰি তাৰ প্ৰতিলিপি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমীট সিঙলৈ প্ৰেৰণ কৰে। সেই অভিযোগ পত্ৰৰ আধাৰতে তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে আৰক্ষী বিষয়া মিল্টন বৰগোঁহাইক। তাৰোপৰি ধন দাবীত নাম জড়িত হোৱা আন এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিছে। 

লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ

 

লালুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিল্টন বৰগোঁহাইক ৰিজাৰ্ভ ক্ল'জ

অসম আৰক্ষী লালুক