/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7f6bd9ee-fbd0-4fcc-ac92-31518d9d1533/RJD_09.jpg)
RJD
ডিজিটেল ডেস্কঃ পুনৰ আৰ জে ডিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হ'ল লালু প্ৰসাদ যাদৱ। শেহতীয়াকৈ ৰেল মন্ত্ৰণালয়ৰ কেলেংকাৰীক লৈ বিপদত পৰা লালু প্ৰসাদ যাদৱৰ পত্নী আৰু জীয়ৰীৰ লগতে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চি বি আইয়ে চাৰ্জশ্চিত দাখিল কৰিছে।
তাৰ মাজতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা আৰ জে ডিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকত সৰ্বসন্মতি ক্ৰমে লালু প্ৰসাদ যাদৱক দলটোৰ দ্বাদশবাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।
ইফালে লালু প্ৰসাদ যাদৱে এতিয়াৰে পৰা আৰ জে ডি সম্পৰ্কে যি কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বা নীতিগত কথাৰ ওপৰত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ ক্ষেত্ৰত একমাত্ৰ কৰ্তৃত্ব প্ৰদান কৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক প্ৰদান কৰিছে লালু প্ৰসাদ যাদৱে।
তেওঁ সভাত কয় যে এতিয়াৰে পৰা কেৱল তেজস্বী যাদৱেহে যিকোনো গুৰুত্বপূৰ্ণ বা নীতিগত বিষয়ত বক্তব্য ৰাখিব। তেওঁ কয়, একতাৰ শক্তি আছে, সেয়েহে আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব। আমি যিকোনো কথা কোৱাৰ আগতে সাৱধান হোৱা উচিত। আমি সিদ্ধান্ত লৈছো এতিয়াৰে পৰা তেজস্বী যাদৱেহে যিকোনো বিষয়ত সংবাদ মাধ্যমৰ আগত বিবৃতি দিব।
ইফালে আৰ জে ডিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত তেজস্বী যাদৱক দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰাৰ কথা আছিল। তেজস্বীক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰাৰ প্ৰস্তাৱ বিহাৰৰ ৰাজ্যিক সভাপতি জগদানন্দ সিঙে উত্থাপন কৰিছিল। অৱশ্যে দেওবাৰৰ সভাপত জগদানন্দ সিং উপস্থিত নথকাত এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা নগ'ল।
তেজস্বী যাদৱ আজিৰ সবাত উপস্থিত নথকাত এতিয়া তেওঁক এই নতুন দায়িত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছে।