আকৌ জেললৈ যাব নেকি লালু? পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰৰ ৰায় প্ৰদান কৰিব ন্যায়ালয়ে…

আকৌ জেললৈ যাব নেকি লালু? পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰৰ ৰায় প্ৰদান কৰিব ন্যায়ালয়ে…

author-image
asomiyapratidin
New Update
আকৌ জেললৈ যাব নেকি লালু? পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰৰ ৰায় প্ৰদান কৰিব ন্যায়ালয়ে…

ডিজিটেল ডেস্কঃ বিহাৰৰ বহু বিতৰ্কিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙ্গলবাৰে প্ৰদান কৰিব চি বি আইৰ বিশেষ আদালতে। দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা বিহাৰৰ এই বহু কোটি টকায়ী পশুখাদ্য কেলেংকাৰীৰ চাৰিটা গোচৰত ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কাৰাগাৰলৈ যাবলগীয়া হৈছে। তেওঁ জামিনত কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছে।

Advertisment

উল্লেখ্যে যে বহুচৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰত মুঠ ৯৯ জন অভিযুক্ত আছে। এই কেলেংকাৰীৰ ইতিমধ্যে চাৰিটা গোচৰৰ ৰায় প্ৰদান কৰিছে যদিও আটাইতকৈ গুৰুত্বপূৰ্ণ গোচৰটোৰ ৰায় মঙ্গলবাৰে ঘোষণা কৰিব। দোৰাণ্ডা কোষাগাৰৰ পৰা অবৈধভাৱে ১৩৯.৩৫ কোটি টকা মুকলি কৰি লৈ যোৱাৰ অভিযোগ আছে লালু প্ৰসাদ যাদৱৰ লগতে আন ৯৯ জন লোকৰ বিৰুদ্ধে। পশুখাদ্য কেলেংকাৰীৰ এই গোটেই প্ৰক্ৰিয়াটোত চি বি আইয়ে মুঠ ৫ টা গোচৰ ৰুজু কৰিছিল।

bihar narendra modi lalu prashad yadav