অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

author-image
asomiyapratidin
New Update
অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

ডিজিটেল ডেস্ক: সোমবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) মুৰব্বী লালু প্ৰসাদ যাদৱ অসুস্থ হোৱাৰ পাছত তেওঁক পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ প্ৰায় ২৪ ঘন্টা পূৰ্বে তেওঁৰ কান্ধত আঘাত পাইছিল।

Advertisment

জানিব পৰা মতে বৰ্তমান ,যাদৱক আই চি ইউত ভৰ্তি কৰি চিকিৎসা চলোৱা হৈছে। চিকিৎসালয়ৰ এজন বিষয়াই জনোৱা মতে, " কান্ধৰ আঘাত আৰু বৃক্কৰ সমস্যাকে ধৰি অন্যান্য ৰোগৰ লক্ষণে দেখা দিয়াৰ বাবে তেওঁক হস্পাতাললৈ অনা হৈছিল"।

উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত থকা প্ৰসাদে যোৱা মাহত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা বৃক্ক সংৰোপণৰ বাবে বিদেশ ভ্ৰমণৰ বাবে অনুমতি লাভ কৰিছিল।

আৰু পঢ়ক: বকোত যুৱতী সন্ধানহীন…

icu lalu prashad yadav