/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ed939582-98e5-4f77-a577-4977765d361b/FREE_22.jpg)
চিকিৎসা, RRB, আইনৰ প্ৰৱেশ পৰীক্ষাৰ বাবে দৰিদ্ৰ শিক্ষাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণ লক্ষ্ম গুৰুকুলৰ...
ডিজিটেল ডেস্কঃ ২০২০ চনত স্থাপিত LAKSHYAM GURUKUL সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি সামাজিক পৰিৱৰ্তনৰ বাবে কাম কৰি আছে। এই লক্ষ্ম গুৰুকুল আছে গুৱাহাটীৰ পাণ্ডুৰ নিউ কলনীত। কলনীৰ ৰে'ল কৰ্মচাৰী নবা কুমাৰ দাসৰ বাসগৃহত চলি আছে লক্ষ্ম গুৰুকুল।
এই লক্ষ্ম গুৰুকুল পৰিচালনা কৰা ছয়জনীয়া দলটোৰ মুৰব্বী মনোজিৎ সিঙে এই সন্দৰ্ভত কয়, "আমি শনিবাৰে আৰু দেওবাৰে আবেলি ২.৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক শিকাওঁ। বৰ্তমান, দশম শ্ৰেণীৰ ৩৫ জন আৰু নৱম শ্ৰেণীৰ ২৮ জন শিক্ষাৰ্থীক আমাৰ কেন্দ্ৰত শিক্ষা দান কৰি আছো।
লগতে তেওঁ কয়, আমি চিকিৎসা, আৰ.আৰ.বি. আৰু আইনৰ প্ৰৱেশ পৰীক্ষাৰ বাবে অৰ্থনৈতিকভাৱে দৰিদ্ৰ শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিছোঁ।
ইফালে আজিও সমাজৰ অধিকাংশ অভিভাৱকে নিজৰ ছোৱালীক উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ, বিদেশলৈ যোৱাত বাধা দি অহাৰ যি এক ব্যৱস্থা চলি আছে সেই ব্যৱস্থাৰ পৰা সমাজক মুক্ত কৰাৰ বাবে লক্ষ্ম গুৰুকুলে সজাগতাৰ সৃষ্টি কৰি আহিছে। তেওঁলোকে অভিভাৱকসকলক তেওঁলোকৰ ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ প্ৰয়োজনত বহিঃৰাজ্য বা বিদেশলৈ যোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আহ্বান জনাই আহিছে।
ক্লিক কৰি পঢ়কঃগৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুচেইনক দুবৃৰ্ত্তৰ আক্ৰমণ: অৱস্থা সংকটজনক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us