/asomiyapratidin/media/media_files/2025/03/01/cbqzVoaAWAOGa2HkZCmg.png)
লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ বাসগৃহ দর্শন
ডিজিটেল ডেস্ক : ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নির্মীয়মাণ বাসগৃহ আৰু ইতিমধ্যে সম্পূর্ণ হোৱা সাধনাগৃহ পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে সাহিত্যৰথীৰ নাতিনীয়েক ইৰা ঘোষ। চুকপানী নিগৰি ওলায় ইৰা ঘোষৰ।
আপ্লুত আৰু আৱেগিক হৈ পৰে ইৰা ঘোষৰ সৈতে যোৱা তেওঁৰ একমাত্র পুত্র ৰিশ্বিক নিলয় ঘোষ আৰু দুগৰাকী সম্পর্কীয় লোক। ৰসৰাজৰ একালৰ বাসগৃহ পৰিদর্শন কৰিবলৈ যোৱা ২৪ ফেব্ৰুৱাৰীত সম্বলপুৰত গৈ উপস্থিত হৈছিল তেওঁলোক।
তেওঁলোকক উষ্ম আদৰণি জনাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা দীপক কুমাৰ পাণ্ডা, সাধাৰণ সম্পাদক ৰল্টু ডেকা, সহঃ সম্পাদক কমলেন্দ্ৰ ভৰালী, সাংস্কৃতিক সম্পাদক তথা লখিমপুৰৰ ঘাৰমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিষ্ণুপ্রসাদ গোস্বামীৰ লগতে ওড়িশাৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে। ইতিমধ্যে সম্পূর্ণ হৈ উঠা সাহিত্যৰথীৰ সাধনাগৃহটো দেখি আপ্লুত হৈ ঘোষে কয় যে তেওঁলোকৰ ককাক লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি সম্বলপুৰবাসীৰ মৰম-চেনেহ সঁচাকৈ মনত ৰাখিবলগীয়া।
/asomiyapratidin/media/media_files/2025/03/01/G9D7ZYCgfEmUiMsEicuN.jpg)
এই মৰম-স্নেহৰ ফলতে ৰসৰাজৰ বাসগৃহ আৰু সাধনাগৃহৰ সংৰক্ষণ সম্ভৱ হৈ উঠিছে বুলিও তেওঁ কয়। ইৰা ঘোষে লগতে তেওঁক সৰুতে ককাক লক্ষ্মীনাথ বেজবৰুৱাই দিয়া এখন এণ্ডিচাদৰ সাধনাগৃহত সযতনে ৰাখিবলৈ দীপক কুমাৰ পাণ্ডাৰ হাতত অর্পণ কৰে।
বাসগৃহটোৰ পুনর্নির্মাণ চলি থকা বাবে তেওঁ সন্তোষ প্রকাশ কৰি অসম চৰকাৰ আৰু ওড়িশা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। বিয়লি তেওঁলোকক লৈ গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত এখন সভাও অনুষ্ঠিত কৰে সম্বলপুৰৰ ৰইজে।
এই সভাতে বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ৰল্টু ডেকাই গংগাধৰ বিশ্ববিদ্যালয়ত লক্ষ্মীনাথ বেজবৰুৱাৰ নামত অসম চৰকাৰে স্থাপন কৰিব বিচৰা বিদ্যায়তনিক চকীৰ অগ্রগতিৰ বিষয়েও ৰাইজক অৱগত কৰে। সভাত ৰাইজে অসমৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী, নিউ জলপাইগুৰি, সম্বলপুৰ হৈ পুৰীলৈ 'সাহিত্যৰথী এক্সপ্রেছ' অথবা 'কর্মভূমি এক্সপ্রেছ' নামেৰে এখন নতুন ৰে'ল সেৱা আৰম্ভ কৰিবলৈ অসমৰ মুখ্যমন্ত্রী, কেন্দ্রীয় ৰে'ল মন্ত্রী, সম্বলপুৰৰ সাংসদ, কেন্দ্রীয় শিক্ষা মন্ত্রীক অনুৰোধ জনায়।