পদ্মশ্ৰী ইমৰান শ্বাহক লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান...

বেজবৰুৱাৰ জীৱন কৰ্মৰ ওপৰত পৰ্যাপ্ত অধ্যয়ন আৰু গবেষণা আজিও নহ'লঃ ইমৰান শ্বাহ

author-image
Asomiya Pratidin
New Update
পদ্মশ্ৰী ইমৰান শ্বাহক লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান...

Imran shah

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক দেওবাৰে বিয়লি তেওঁৰ নিজা বাসভৱনত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰদান কৰে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা।

Advertisment

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই। সম্বৰ্ধনা পত্ৰ পাঠ কৰে আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনে।

বঁটা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে কয় যে, সাহিত্যৰথী লক্ষ্মীনাথ মোৰ জীৱনৰ আদৰ্শ ব্যক্তি।

তেওঁৰ আদৰ্শেৰে মই এতিয়াও সাহিত্য সাধনাত ব্ৰতী হৈ আছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন কৰ্মৰ ওপৰত পৰ্যাপ্ত অধ্যয়ন আৰু গবেষণা আজিও নহ'ল। তেওঁৰ বিশাল সাহিত্য কৰ্মৰ গভীৰ অধ্যয়ন আৰু প্ৰণালীবদ্ধ গৱেষণাৰ বাবে নৱ প্ৰজন্ম আগুৱাই অহা প্ৰয়োজন।

আমাৰ দৰে সাহিত্যৰ সেৱকে তেঁওৰ সাগৰ সদৃশ জ্ঞানৰ ভিতৰত দুটা এটা মুকুতাও আমি বুটলিৰ পৰা নাই। বেজবৰুৱাৰ দৰে উদাৰ ব্যক্তি আমাৰ সমাজত বিৰল। তেওঁ গদ্য সাহিত্যৰ পৰা শিক্ষা গ্ৰহণ কৰি আমি অসমীয়া জাতিৰ পুনৰ অধিক শক্তিশালী কৰি তুলিব পাৰোঁ। এনে এগৰাকী ক্ষনজন্মা বিৰল প্ৰতিভাৰ অধিকাৰী বৰেণ্য ব্যক্তিৰ সাহিত্য বঁটাৰ বাবে মই নিজকে কেতিয়াও যোগ্য বুলি নাভাবো। এই বঁটাৰ বাবে নিৰ্বাচক সমিতিয়ে ভালদৰে বিচাৰ বিশ্লেষণ কৰি পৰিকল্পিত ভাবে যোগ্য জনক পৰবৰ্তী বঁটা সমূহ প্ৰদান কৰা উচিত। এনে মনিষীৰ স্মৃতিত প্ৰদান কৰা বঁটা নিম্নগামী হ'লে বঁটাৰ মৰ্যদা লাঘৱ হ'ব বুলি ইমৰান শ্বাহে মন্তব্য কৰে।

বঁটা প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে, সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে আমি স্বনামধন্য সাহিত্যিক ইমৰান শ্বাহক প্ৰদান কৰিবলৈ পাই আমি ধন্য মানিছো। আমি এই সাহিত্য বঁটা যোগ্যজনক ধাৰাবাহিকভাৱে প্ৰদান কৰি যাম বুলি দীপাংক কুমাৰ নাথে মন্তব্য কৰে।

বঁটা প্ৰদান অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা , অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা মনিকা‌ শইকীয়া, শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ হকিকুৰ ৰহমান , প্ৰাক্তন উপাধ্যক্ষ ৱালি উল্লা, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তৰ লগতে বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছত পূৰ্বে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰেক্ষাগৃহত আছুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদবে।

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক কুমাৰ নাথে কয় যে, অসম চৰকাৰৰ শিক্ষা বিভাগে বিজ্ঞান আৰু গনিত বিষয় দুটা পঞ্চম শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত শিক্ষা দান কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব। এনে অবিবেচক সিদ্ধান্তৰ বাবে ছাত্ৰ ছাত্ৰী‌ ক্ষতিগ্ৰস্ত হ'ব । আছুৰ অনুৰোধ চৰকাৰে নামানিলে ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আছুৱে আন্দোলনৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি দীপাংক কুমাৰ নাথে মন্তব্য কৰে।

অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কলা, ,বানিজ্য, বিজ্ঞান, শাখাৰ পৰীক্ষাত মেধাৰে উত্তীৰ্ণ হোৱা ৮ শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰন ফুকন, আছুৰ সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, আছুৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

imranshah LAKSHMINATH BEZBARUAH assam