/asomiyapratidin/media/media_files/2024/12/17/QrRRnoHOly5KvymCEFrs.jpg)
ডিজিটেল সংবাদ বেকাজান : কাৰাটে ইণ্ডিয়া অগ্ৰেনাইজেছন(কিঅ)ৰ উদ্যোগত দিল্লীৰ টালকোটৰা ইণ্ডোৰ ষ্টেডিয়ামত ১৩ ডিচেম্বৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা থকা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত তিতাবৰৰ লক্ষ্মী ৰেগনে ৰূপ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লক্ষ্মী ৰেগনে ছাৱ জুনিয়ৰ ১১ বছৰ ছোৱালীৰ ৩০ কেজি কুমিটে শাখাত অসম দলৰ হৈ অংশগ্ৰহণ কৰিছিল বুলি তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ সম্পাদক মনজিৎ হাজৰিকাই জানিবলৈ দিয়ে।
ৰেগনে বালিজান কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক মনজিৎ হাজৰিকা আৰু দেৱজিৎ মিচিঙৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উল্লেখ্য যে ৰেগনে পূৰ্বতেও বহুকেইখন ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত পদক পাবলৈ সক্ষম হৈছে।
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনাত লক্ষ্মী ৰেগনক তিতাবৰ জিলা কাৰাটে -ড' সন্থাৰ সভাপতি কুমুদ চন্দ্ৰ কছাৰীৰ লগতে তিতাবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজে শুভেচ্ছা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us