/asomiyapratidin/media/media_files/2025/02/23/YCs5BRrGydFqLR1UUfiv.jpg)
লক্ষীনাথ নৰহ সোঁৱৰণী টি-২০ চেলেঞ্জ ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি
ডিজিটেল সংবাদ, ধেমাজি : যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা লক্ষীনাথ নৰহ সোঁৱৰণী টি-২০ ক্ৰিকেট চেলেঞ্জ ক্ৰিকেট কাপ প্ৰতিযোগিতা খেলখনৰ দেওবাৰে সামৰণী পৰে ৷ শেষৰ দিনা খেলত মিলিজুলি ক্ৰিকেট ক্লাৱ ধেমাজিয়ে পি টি এচ ক্ৰিকেট ক্লাৱ মাজুলীক ৪ উইকেটত পৰাজয় কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷
মাজুলীয়ে ১৮.০৫ অভাৰত ১১৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মিলিজুলি ক্ৰিকেট ক্লাৱ ধেমাজিয়ে ১৯.০১ অভাৰতে খেলখনত জয়লাভ কৰে ৷ খেলখনৰ অন্তত থলীতে হোৱা বঁটা বিতৰণী সভাত বিজয়ী দলক ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে ৷
বঁটা বিতৰণী সভাত ধেমাজি ক্ৰিকেট সন্থাৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, উদযাপন সমিতিৰ সভাপতি ৰূপজ্যোতি বৰা, সম্পাদক পবিত্ৰ দত্তৰ লগতে ক্ৰিকেট সন্থাৰ অন্যান্য বিষয়ববীয়া সকল ও ৰাইজে উপস্থিত থাকে ৷