/asomiyapratidin/media/media_files/2025/07/30/lakhimpur-30-2025-07-30-20-38-17.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: কোন হ’ব লখিমপুৰ জিলা পৰিষদৰ চেয়াৰমেন? লখিমপুৰ, বিহপুৰীয়া আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ গেৰুৱা দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হোৱা ৩ গৰাকী জিলা পৰিষদ সদস্যা ক্ৰমে পশ্চিম ঢকুৱাখনা জিলা পৰিষদ সমষ্টিৰ ছোনিয়া বৰগোঁহাই, কদম জিলা পৰিষদ সমষ্টিৰ ডেইজী দত্ত, খেৰাজখাট জিলা পৰিষদ সমষ্টিৰ মনালিছা বৰুৱাৰ ভিতৰত কোনে এই সন্মানীয় আসনত অধিষ্ঠিত হ’ব তাক লৈ ব্যাপক জল্পনা কল্পনা ইতিমধ্যে আৰম্ভ হৈছে।
মহিলাৰ বাবে সংৰক্ষিত এই জিলা পৰিষদৰ মুৰব্বী আসনখন নিজৰ কব্জাত ৰাখিবলৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক যুঁজ। ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বাবে সন্মান ৰক্ষাৰ যুঁজ হিচাবে বিবেচিত হৈছে "চেয়াৰমেন" কেন্দ্ৰিক অংক। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতি প্ৰেৰিত কেন্দ্ৰীয় পৰ্যবেক্ষক ক্ৰমে অনুপ বৰ্মন, লক্ষ্মীনাথ তাছা আৰু বিতোপন দলে লখিমপুৰত উপস্থিত হৈ নিৰ্বাচিত জিলা পৰিষদ সদস্যসকলৰ লগতে তিনি বিধায়ক নৱ দলে, মানৱ ডেকা, অমিয় কুমাৰ ভূঞা আৰু সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু ৰঞ্জিত দত্তৰ মতামত আৱৰ্ত ভৱনত বাহৰ পাতি সংগ্ৰহ কৰিলে।
পৰ্যবেক্ষকৰ দলটোৱে ৰাজ্যিক সমিতিত দাখিল কৰা খতিয়ানৰ ভিত্তিত তিনিজনীয়া পেনেল তালিকাৰ প্ৰথম স্থানত আছে ঢকুৱাখনাৰ ছোনিয়া বৰগোঁহাই, দ্বিতীয় স্থানত খেৰাজখাতৰ মনালিছা বৰুৱাৰ নাম আৰু তৃতীয় স্থানত আছে কদমৰ ডেইজী দত্তৰ নাম। গেৰুৱা দলৰ ৰাজ্যিক সমিতিত এই তালিকা দাখিলৰ পাছতে আৰম্ভ হৈছে ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ মৰণপন যুঁজ।
দলীয় এক সূত্ৰই জনোৱা মতে বিধায়ক অমিয় কুমাৰ ভূঞাই সমাগত বিধানসভা নিৰ্বাচনৰ নিজৰ প্ৰাৰ্থীত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত "চেয়াৰমেন"কেন্দ্ৰিক যুঁজৰ পৰা চত্ৰভংগ দিছে। ভূঞাই নিজৰ সমষ্টিৰ প্ৰাৰ্থী খগেন হাজৰিকাক ভাইচ চেয়াৰমেন পদত অধিষ্ঠিত কৰাৰ চৰ্ত বান্ধি হাই প্ৰফাইল যুঁজখনৰ পৰা আঁতৰি আছে।
অন্যহাতে ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে বিগত কাৰ্যকালসমূহৰ দৰে অৱধাৰিত ভাবে জিলা পৰিষদৰ চেয়াৰমেনগৰাকী ঢকুৱাখনাৰে হোৱাৰ বাবে খুঁটি পুতি বহিছে। বিশেষ সূত্ৰই জনোৱা মতে ছোনিয়া বৰগোঁহাইক চেয়াৰমেন বনাবলৈ প্ৰয়োজনৰ স্বাৰ্থত বিধায়কৰ পদ এৰি দিয়াৰো সিদ্ধান্ত দোহাৰি দলেয়ে দলৰ শীর্ষ মহলৰ দৃষ্টি আকৰ্ষণ কৰাত নামি পৰিছে।
বিধায়ক দলেক এই চেয়াৰমেনৰ পদ কুক্ষীগত কৰা ৰাজনৈতিক অংকত সহযোগিতা আগবঢ়াইছে সাংসদ প্ৰদান বৰুৱাই। জিলাখনৰ নাওবৈছা আৰু ৰঙানদী সমষ্টিৰ দায়িত্বৰ পৰা ক্ষমতাচ্যুত হোৱাৰ পাছত সাংসদ বৰুৱাৰ এয়া মানৱ ডেকাৰ বিৰুদ্ধে এক পৰিকল্পিত ৰাজনৈতিক সমীকৰণ বুলি ব্যাপক চৰ্চা দলৰে মজিয়াত আৰম্ভ হৈছে।
বিপৰীতে লখিমপুৰৰ বিধায়ক মানৱ ডেকা দীৰ্ঘদিন ৰাজ্যৰ বাহিৰত থকাৰ সময়তে দ্ৰুত ৰূপ লোৱা চেয়াৰমেন কেন্দ্ৰিক ৰাজনৈতিক দৌৰৰ পাছত বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হ’ব বিধায়ক ডেকা। জনামতে ডেকাৰ অতি ঘনিষ্ঠ জিলা পৰিষদ সদস্যা ডেইজী দত্তক এই পদত অধিষ্ঠিত কৰাৰ সম্ভাৱনা আছে।
দুজন বিধায়কৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰা এই বিষয়টো খুব সূক্ষ্ম ভাবে পৰ্যালোচনা কৰিছে দলীয় শীর্ষ সূত্ৰই। ৰাজনৈতিক পৰ্যবেক্ষক মহলে ধাৰণা কৰা মতে ইতিমধ্যে দলৰ উপ সভাপতি পদৰ পৰাও অপসাৰণ হোৱা বিধায়ক নব দলেক জিলা পৰিষদৰ চেয়াৰমেনৰ পদ উপহাৰ দি সমাগত বিধানসভা নিৰ্বাচনৰ সময়ত এক অনাকাংক্ষিত প্ৰতিদান বিচাৰিব পাৰে গেৰুৱা দলে।
দলেক ৰাজনৈতিক ভাবে ক্ষমতাহীন কৰাৰ অংকৰে তেওঁৰ দাবী মানি ছোনিয়া বৰগোঁহাইক জিলা পৰিষদৰ শীর্ষ পদত অধিষ্ঠিত কৰাতো দলেৰ বাবে অন্য এক অশুভ ইংগিত বুলি চর্চা চলিছে। লখিমপুৰ জিলা বিজেপিৰ মজিয়া গৰম হৈ থকা এই চেয়াৰমেন কেন্দ্ৰিক উৎসুকতাৰ মাজতে উথাপিত হৈছে অন্য এক বিষয়।
জিলা পৰিষদ গঠনৰে পৰা কেৱল ঢকুৱাখনা বিধানসভা সমষ্টিতে আবদ্ধ হৈ আহিছে এই চেয়াৰমেন পদটো। শেহতীয়া ভাবে যোৱাটো পঞ্চায়তৰ কাৰ্যকালত ঢকুৱাখনাৰ বিধায়ক দলেৰ বিশ্বস্ত ঘিলামৰা জিলা পৰিষদ সমষ্টিৰ মঞ্জু বৰগোঁহাইক চেয়াৰমেন পদত অধিষ্ঠিত কৰা হৈছিল। পুনৰ এইবাৰো ঢকুৱাখনা বিধানসভা সমষ্টিলৈ এই মুখ্য পদবী যোৱাটোত আপত্তি দৰ্শাইছে দলীয় নেতৃত্বই।
তাৎপৰ্যপূৰ্ণ দিশ হ’ল লখিমপুৰ জিলা সদৰত থকা প্ৰভাৱশালী গেৰুৱা নেতা, বিধায়ক মানৱ ডেকাই নিৰ্বিবাদে নৱ দলেৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীৰ বাবে এৰি দিব জানো মৰ্যাদা সম্পন্ন জিলা পৰিষদৰ চেয়াৰমেন পদটো। এই সমস্ত জটিল ৰাজনৈতিক সমীকৰণৰ উত্তৰ পাবলৈ উৎসুক জিলাবাসীৰ অপেক্ষাৰ বিকল্প নাই।