/asomiyapratidin/media/media_files/2025/01/12/EZAjCMRaRDqrcSOsP35F.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: সুদীৰ্ঘ ২৮ বছৰ ভাৰত মাতৃৰ সুৰক্ষা সেৱাত নিজকে উৎসৰ্গিত কৰি অৱশেষত সন্মানীয় কেপ্তেইন হিচাপে অৱসৰ গ্ৰহণ কৰি সগৌৰবে জন্মস্থানলৈ ঘূৰি আহিছে সেনা বিষয়া টনিক গগৈ। তাৰেই উপলক্ষত সেনা বিষয়া গৰাকীৰ জন্মস্থান ঢকুৱাখনা উপ-জিলাৰ হাৰ্হি পঞ্চায়তৰ শিমলোডোঙাত আনন্দ উল্লাসৰ সীমা নাই।
আত্মীয় স্বজনৰ লগতে গাঁওবাসীযে ঢোলে দগৰে, গায়ন বায়নেৰে নাচি বাগি আদৰি অনাৰ লগতে, শুভাকাংক্ষীযে ফুলাম গামোচা, জাপিৰে উষ্ম আদৰনি জনায় সেনা বিষয়া গৰাকীক। ৮৩ বছৰৰ উৰ্দ্ধ পিতৃ ধনীৰাম গগৈ, পত্নী ভাগ্য গগৈ, দুগৰাকী পুত্রৰ লগতে অঞ্চলটোৰ গুণগ্ৰাহী ৰাইজ ,আত্মীয় কুটুম্বক সন্মুখত সংঘবদ্ধ ভাবে লগ পাই আবেগিক হৈ পৰে অৱসৰী সেনা বিষয়া টনিক গগৈ।
গাঁওবাসীৰ স্বতঃস্ফুট আয়োজন, আশীৰ্বাদ আৰু অতিথ্যত আপ্লুত কৃতজ্ঞ অৱসৰী সেনা বিষয়া গৰাকী। এগৰাকী সুযোগ্য পুত্ৰৰ গৌৰবী পিতৃ ধনীৰাম গগৈয়ে সেনা বিষয়া পদত অধিষ্ঠিত হোৱা টনিক গগৈৰ পদাংক অনুসৰণ কৰি অঞ্চলটোৰ যুৱ প্ৰজন্মই দেশ মাতৃৰ সুৰক্ষা আৰু অখণ্ডতা ৰক্ষাৰ বাবে এনে বৃত্তিত আত্মনিয়োগ কৰক বুলি মত ব্যক্ত কৰে।