ধুবুৰীৰ পাছত এইবাৰ লখিমপুৰৰ নামঘৰৰ সমীপত উদ্ধাৰ নিষিদ্ধ গো মাংসৰ টোপোলা...

ধুবুৰীৰ পাছত এইবাৰ লখিমপুৰৰ ধৰ্মীয় অনুষ্ঠানৰ সমীপত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস। লখিমপুৰৰ এঙাৰ খোৱাৰ ঢকুৱাখনা চিৰিং চুক গাৱঁৰ নামঘৰৰ সমীপত এটা মোনাৰ ভিতৰত এই

author-image
Asomiya Pratidin
New Update
lakhimpur

ডিজিটেল ডেস্কঃ ধুবুৰীৰ পাছত এইবাৰ লখিমপুৰৰ ধৰ্মীয় অনুষ্ঠানৰ সমীপত উদ্ধাৰ হৈছে নিষিদ্ধ গো মাংস। লখিমপুৰৰ এঙাৰ খোৱাৰ ঢকুৱাখনা চিৰিং চুক গাৱঁৰ নামঘৰৰ সমীপত এটা মোনাৰ ভিতৰত এই মাংস উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই খবৰ পোৱাৰ মাত্ৰকে ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমানলৈকে এই ঘটনাৰ সন্দৰ্ভত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ ৰাইজে উচিত তদন্তৰ আশা কৰিছে আৰক্ষীৰ পৰা। 

লখিমপুৰ