আই আই টিত অধ্যয়নৰ সুযোগ লাভ লখিমপুৰৰ তিনি ছাত্ৰৰ...

আই আই টি ৰুৰকী আৰু গুৱাহাটীত অধ্যয়নৰ সুযোগ লাভ লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড ক’লেজৰ তিনি গৰাকী শিক্ষাৰ্থীৰ

author-image
Asomiya Pratidin
New Update
আই আই টিত অধ্যয়নৰ সুযোগ লাভ লখিমপুৰৰ তিনি ছাত্ৰৰ...

IIT

ডিজিটেল সংবাদ, লখিমপুৰঃ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উজলি উঠিছে লখিমপুৰৰ তিনি গৰাকী শিক্ষাৰ্থীৰ। একেখন শিক্ষানুষ্ঠানৰ তিনি গৰাকী শিক্ষাৰ্থীৰ এই সাফল্যত পঞ্চমুখ ৰেভ উইলিয়াম ৱাৰ্ড ক’লেজ কৰ্তৃপক্ষ।

Advertisment

আই আই টি ৰুৰকী,খড়গপুৰ আৰু গুৱাহাটীত অধ্যয়নৰ সুযোগ লাভ কৰিলে লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড ক’লেজৰ তুছিন চুহানা ৰহমান,প্ৰবিন পেগু আৰু টুছিফ তমান্না ৰহমান নামৰ এই তিনি গৰাকী শিক্ষাৰ্থীয়ে ।

সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হয় ছাত্ৰ কেইজন ৷ মহাবিদ্যালয় খনৰ তুছিন চুহানা ৰহমানে আই আই টি খড়গপুৰ ,প্ৰবিন পেগুৱে আই আই টি ৰুৰকী , টুছিফ তমান্না ৰহমানে আই আই টি গুৱাহাটীত অধ্যয়নৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হয় ৷ তিনিও গৰাকী ছাত্ৰ ছাত্ৰীক শুকুৰবাৰে মহাবিদ্যালয় খনত ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনায় ৷

lakhimpur IIT