/asomiyapratidin/media/media_files/2025/06/17/sk4CedrZxdmRVFHobQw3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত ২০০৫ চনৰ পৰাই শিক্ষাৰ্থী সকলক পুষ্টিকৰ মধাহ্ন ভোজন যোগান ধৰি অহা মধ্যাহ্ন ভোজন কৰ্মী অৰ্থাৎ ৰান্ধনী সকলৰ প্ৰতি চৰম অবিচাৰ কৰাত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
যুগ যুগ ধৰি পুৱাৰ পৰা বিয়লি পৰ্যন্ত এগৰাকী শিক্ষকৰ দৰেই বিদ্যালয়ত উপস্থিত থাকি পুষ্টিকৰ মধাহ্ন ভোজন ৰান্ধি শিক্ষাৰ্থী সকলক যোগান ধৰি অহাৰ পাছত শেহতীয়া ভাবে এই প্ৰক্ৰিয়া অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ এটা এন জি অ'ক গতাই দিয়াৰ বাবে কৰা সিদ্ধান্তৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে।
লখিমপুৰ জিলাৰো মুঠ ৫ হাজাৰ ৬০ গৰাকী ৰান্ধনীৰ ভৱিষ্যত অন্ধকাৰাচন্ন কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয়। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিৰ সভানেত্ৰী জয় নভা খাতুন, সম্পাদিকা মায়াৱতী পায়েং ,বিত্ত সম্পাদিকা জীনা গগৈ, সহকাৰী সম্পাদিকা ৰানো মিলি, ৰুমী ৰাজখোৱা আদিৰ নেতৃত্বত মঙলবাৰে দুপৰীয়া বহু সংখ্যক ৰন্ধন কৰ্মচাৰীয়ে ঐক্যবদ্ধ হৈ সাব্যস্ত কৰে বিক্ষোভেৰে প্ৰতিবাদ।
লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ ক্ষুব্ধ ৰান্ধনী সকলে ৰন্ধন কৰ্মীৰ ভৱিষ্যত বিপন্ন কৰি তোলা বিজেপি চৰকাৰ মূর্দাবাদ, অসম চৰকাৰ গ বেক, আমাক আমাৰ সেৱা কৰাত বাধা নিদিব, এন জি অ'ক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়া সিদ্ধান্ত বাতিল কৰক , ২০ বছৰে সেৱা আগবঢ়াই অহা ৰান্ধনী সকলক প্ৰাপ্য বৰ্ধিত বেতন আদায় দিয়ক, এন জি অ" গ বেক ,হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰে কৰ্মী সকলে।
প্ৰতিবাদ স্থলীত পূৰ্বৰে পৰা অৱস্থান কৰা কাৰ্যবাহী দণ্ডাধীশ ভাস্কৰ জ্যোতি বৰুৱাই প্ৰতিবাদকাৰী সকলক বুজাই সৈমান কৰাৰ পাছত সমিতিৰ সভানেত্ৰী -সম্পাদিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সমিতিয়ে লখিমপুৰ জিলাত এই হঠকাৰী পৰিকল্পনা সিদ্ধি হবলৈ নিদিয়ে বুলি স্পষ্টভাৱে সকীয়াই দি এন জি অ'ক ভোজনৰ দায়িত্ব দিয়া সিদ্ধান্ত বাতিল কৰা , যুগ যুগ ধৰি সেৱা আগবঢ়াই অহা নিষ্ঠাবান ৰন্ধন কৰ্মী সকলৰ ভৱিষ্যত বিপন্ন কৰিব খোজা কাৰ্য তৎকালীন ভাবে প্ৰত্যাহাৰ কৰা, কৰ্মী সকলক বৰ্ধিত হাৰত বেতন আদায় দিয়া আদি দাবী জনায়।