লখিমপুৰত খোল-তাল বজাই আদৰণি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক...

লখিমপুৰত খোল-তাল বজাই আদৰণি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক

author-image
Asomiya Pratidin
New Update
লখিমপুৰত খোল-তাল বজাই আদৰণি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক...

ডিজিটেল ডেস্কঃ হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক সম্বৰ্ধনাৰ উদ্দেশ্যে লখিমপুৰত বিশাল আয়োজন। মঙলবাৰে অবিভক্ত লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন দল-প্রতিষ্ঠান তথা স্থানীয় ৰাইজে মিলিতভাবে সম্বৰ্ধনা জনোৱাৰ উদ্দেশে আয়োজন কৰে এই বিশেষ অনুষ্ঠানৰ।

অসম আৰু অসমীয়াৰ বাবে গৌৰৱ কঢ়িয়াই হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়া বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰকাশকগৰাকীলৈ এই সম্বৰ্ধনা লখিমপুৰবাসীৰ। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত হোৱা সম্পাদকগৰাকীক গায়ন-বায়নেৰে আদৰণি জনাই অঞ্চলবাসীয়ে।

অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে জয়ন্ত বৰুৱাই ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেবানন্দ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি দুয়োগৰাকী পুৰোধাক শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখ্য যে, অনুষ্ঠানত প্ৰকাশকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সমান্তৰালভাবে আয়োজন কৰা হয় হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্পৰ্কীয় এক বক্তৃতানুষ্ঠানৰ।

Also Read: মণিপুৰ ঘটনাৰ বিৰুদ্ধে বিশ্বনাথত সংহতি দিৱস পালন

JAYANTA BARUAH