লখিমপুৰ জিলা দিৱসত ঢকুৱাখনাত দৃষ্টিনন্দন শোভাযাত্ৰা...

ঢকুৱাখনা অতিৰিক্ত আৱৰ্ত ভৱনৰ নৱ নিৰ্মিত ভৱন উদ্বোধন বিধায়ক নৱ দলেৰ
LAKHIMPUR
LAKHIMPUR

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাই ২অক্টোবৰৰ দিনটোত গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰাৰ মাহেন্দ্ৰ ক্ষণত জিলাখনৰ অন্তৰ্গত ঢকুৱাখনা মহকুমা সদৰত পৰিবেশ নিকাকৰণৰ এক অভিযান চলাই ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটে ।

দেওবাৰে পুৱা এন এছ এছ গোটৰ সমন্বয়ক অধ্যাপক তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত শিক্ষানুষ্ঠানখনৰ অৰ্ধ শতাধিক এন এছ এছ গোটৰ সদস্যই হাতে হাতে ঝাড়ুলৈ মহাবিদ্যালয় চৌহদৰ পৰা আৰম্ভ কৰে এই ঢকুৱাখনা পৰিষ্কৰণ অভিযান ।

মহাবিদ্যালয়ৰ সমসাজ পৰিধান কৰি শিক্ষাৰ্থী সকলে ঢকুৱাখনা ব্লক চাৰিআলি ,ইনড'ৰ ষ্টেডিয়াম ,ঢকুৱাখনা সদৰ ,ৱে চৰকাৰী বাছ আস্থান , চাৰিকড়িয়া নদীৰ অৱবাহিকা , গান্ধী ময়দান এলেকা আদি বিস্তীৰ্ণ এলেকাত চাফাই অভিযান চলাই ৰাজপথ ,বিভিন্ন এলেকাত পৰি ৰোৱা জাৱৰ ,পলিথিন ,বটল আদি একত্ৰিত কৰি পৌৰ সভাৰ বাহনৰ জৰিয়তে ডাম্পিং গ্ৰাউণ্ডলৈ নিয়াৰ ব্যৱস্থা কৰে ।

ইয়াৰ পাছতে মহামানৱ মহাত্মা গান্ধীৰ পবিত্ৰ জন্মদিনৰ উপলক্ষে এন এছ এছ গোটৰ সদস্য সকলে নগৰৰ মাজ-মজিয়াত অৱস্থিত গান্ধীৰ প্ৰতিমূৰ্তিত ধূপ বন্তি জ্বলাই মাল্যপৰ্ণ কৰে ।

ঢকুৱাখনা মহকুমা প্ৰশাসনৰ  উদ্যোগতো জিলা দিৱস উপলক্ষে ঢকুৱাখনা নগৰ নিকাকৰণ কৰি  ঢকুৱাখনা উন্নয়ন খণ্ড, ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু পৌৰসভাৰ যুটীয়া উদ্যোগত উলিওৱা হয় এক দৃষ্টিনন্দন শোভাযাত্ৰা ।

ঢকুৱাখনা উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাংগনৰ পৰা উলিওৱা শোভাযাত্ৰাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে পৌৰসভাৰ কাৰ্যবাহী বিষয়া অভিজিত বৰা , বি ডি অ গৌৰাংগ  দত্তই নেতৃত্ব দিয়ে।

শতাধিক ৰাইজৰ সহযোগিতাত বাহিৰ হোৱা দৃষ্টিনন্দন শোভাযাত্ৰাই নগৰাঞ্চল পৰিভ্ৰমণ কৰি জিলা দিৱস উদযাপন কৰে । ইয়াৰ পাছতে ঢকুৱাখনা অতিৰিক্ত আৱৰ্ত ভৱনৰ নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰে বিধায়ক নৱ দলেয়ে । তাৰোপৰি জিলা দিৱসৰ সতে সংগতি ৰাখি ঢকুৱাখনা দৈনিক বজাৰত "এপাৰ্ট"ৰ অৰ্থ সাহায্যৰে নিৰ্মিত হ'বলগীয়া বজাৰ গৃহৰো আধাৰশিলা স্থাপন কৰে বিধায়ক দলেয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in