ঢকুৱাখনাত হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ

ৰাজ্য চৰকাৰৰ খাদ্য ও অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহযোগত দেওবাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
o

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ সিদ্ধান্ত আৰু নিৰ্দেশনাৰ ভিত্তিত দেওবাৰে ৭৭ নম্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষত দেওবাৰে ঢকুৱাখনা নগৰৰ ঢকুৱাখনা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এক সভা অনুষ্ঠিত কৰা হয়।

Advertisment

ৰাজ্য চৰকাৰৰ খাদ্য ও অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহযোগত দেওবাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১৪ সহস্ৰাধিক নতুন হিতাধিকাৰীক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন,২০১৩ৰ অধীনত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ এই অনুষ্ঠানত বিধায়ক নৱ দলে উপস্থিত থাকে।

লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু,লখিমপুৰ জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্তিক কলিতা , ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত , বিজেপি নেতা ক্ৰমে  প্ৰদীপ চমুৱা ,বসন্ত শইকীয়া আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গ আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১৪ সহস্ৰাধিক নতুন হিতাধিকাৰীৰ মাজত নতুনকৈ ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য বান্ধি দেওবাৰে এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

ঢকুৱাখনা