পূব ঢকুৱাখনা সমবায় সমিতিৰ নিৰ্বাচনক লৈ অংশীদাৰৰ ক্ষোভ...

মনোনয়ন পত্ৰত বিভাগীয় নিয়ম উলংঘাৰে হোৱাইটনাৰ ব্যৱহাৰ কৰি সংশোধন

author-image
Asomiya Pratidin
New Update
পূব ঢকুৱাখনা সমবায় সমিতিৰ নিৰ্বাচনক লৈ অংশীদাৰৰ ক্ষোভ...

LAKHIMPUR

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমা সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অধীনৰ পূব ঢকুৱাখনা সমবায় সমিতিৰ পুনৰ গঠনকলৈ জটিলতা আজিও অব্যাহত আছে। সমবায় সমিতি খনৰ ২০২২-২০২৭ বর্ষৰ সমিতি নিৰ্বাচন প্ৰক্ৰিয়াকলৈ অংশীদাৰ একাংশৰ মাজত উদ্ভৱ হোৱা ক্ষোভ আৰু  অসন্তুষ্টিৰ সন্দৰ্ভত বিভাগৰ মাণ্ডলিক যুটীয়া পঞ্জীয়ক আৰু লখিমপুৰৰ সহকাৰী পঞ্জীয়কক লিখিত অভিযোগ দাখিল কৰিছিল অংশীদাৰী সকলে ।

Advertisment

প্ৰধানকৈ ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত কৰণৰ ব্যৱস্থা, মনোনয়ন পত্ৰত বিভাগীয় নিয়ম উলংঘাৰে হোৱাইটনাৰ ব্যৱহাৰ কৰি সংশোধন কৰা,সঞ্চালক মণ্ডলীৰ তালিকাত নাম থকা সদস্যৰ নাম কৰ্তন কৰি মনোনয়নৰ পৰা চক্ৰান্ত মূলক ভাৱে বঞ্চিত কৰা আদি বিভিন্ন অভিযোগ উত্থাপন কৰি অংশীদাৰী সকলে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল ।

তাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় তদন্ত ঘোষণা কৰি  মাণ্ডলিক যুটীয়া পঞ্জীয়ক এম চৌধুৰীয়ে যোৱা ২০ ছেপ্টেম্বৰত জেদ চি টি ই ১/২০০৫/পি টি-||/৩১২ নং নিৰ্দেশনাৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ নকৰা পৰ্যন্ত ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন স্থগিত ৰাখিছিল। 

পৰৱৰ্তী সময়ত ঢকুৱাখনা সমবায় সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ কংকণা দত্তই চি ডি এইচ কে (জেন) ২৫/২০২২/৬ নং নিৰ্দেশনা মতে যোৱা ২৮ ছেপ্টেম্বৰত বিভাগীয় বিষয়া বুধিন বৰাই প্ৰস্তুত কৰা তদন্তৰ প্ৰতিবেদন দাখিল কৰে।

প্ৰতিবেদনৰ ভিত্তিত মাণ্ডলিক যুটীয়া পঞ্জীয়কে ৯০ দিনৰ ভিতৰত বিষয়টো মোকাবিলা কৰি বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জ্যেষ্ঠ পৰিদর্শক লক্ষী পেগুক দায়িত্ব অৰ্পণ কৰে । এইক্ষেত্ৰত পুনৰ অংশীদাৰী একাংশ ক্ষুব্ধ হৈ এয়া এক অগণতান্ত্ৰিক পক্ষপাতী পদক্ষেপ বুলি অভিযোগ দাখিল কৰিছে বিভাগ আৰু  সংবাদ মাধ্যমক। 

ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাত একে পৰিয়ালৰ ৩-৪ গৰাকীকৈ ভোটাৰ অন্তৰ্ভুক্ত হোৱা ,২০১৭-২০২২ বর্ষৰ সঞ্চালক মণ্ডলীত নাম অন্তৰ্ভুক্ত সদস্যৰ নাম চলিত সংশোধিত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা  আদি বিভিন্ন অসাংবিধানিক আৰু অনৈতিক ক্ৰুটি সংশোধন নকৰা পৰ্যন্ত  এজনীয়া সমিতিৰ জৰিয়তে  সমবায় সমিতিখন পৰিচালনা কৰি সম্পূৰ্ণ নিখুঁত আৰু নিকা ভোটাৰ তালিকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে অংশীদাৰী সকলে।

তাৰোপৰি বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত কৰাৰ পূৰ্বে দাখিল কৰা হিচাব পুনৰীক্ষণ কৰাৰো দাবী জনাই এই ক্ৰুটিপূৰ্ণ প্ৰক্ৰিয়াক লৈ অংশীদাৰী সকলে সমবায় সমিতি লখিমপুৰৰ সহকাৰী পঞ্জীয়কক যোৱা ২৬ ছেপ্টেম্বৰত এক অভিযোগ দাখিল কৰা বুলিও জনাইছে ।

অভিযোগকাৰী ৰাইজে এই জটিলতা নিৰপেক্ষ নিস্পতিৰ বাবে ২০১৭-২০২২ বর্ষৰ সঞ্চালক মণ্ডলীৰ সমিতিখন ভংগ কৰি এজনীয়া সমিতিৰ জৰিয়তে পৰিচালনা কৰাৰো দাবী জনায় এই ক্ষেত্ৰত বিধায়ক নৱ  দলেয়ে ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি বিতৰ্কিত  আৰু বিসংগতিপূৰ্ণ পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে হেঁচা দিয়াৰো অভিযোগ উত্থাপন কৰিছে।

lakhimpur