কুশলে থাকক সকলোঃ লখিমপুৰত বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ...

অসমৰ জনতাৰ প্ৰতিটো সুখ আৰু দুখৰ সময়ত আমাৰ চৰকাৰ সদায়ে লগত আছে আৰু আগলৈও থাকিব৷ কুশলে থাকক সকলো- ৰঙানদীৰ বান্ধৰ পানীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

author-image
Asomiya Pratidin
New Update
lajhss

ডিজিটেল ডেস্কঃ অসমৰ জনতাৰ প্ৰতিটো সুখ আৰু দুখৰ সময়ত আমাৰ চৰকাৰ সদায়ে লগত আছে আৰু আগলৈও থাকিব৷ কুশলে থাকক সকলো- ৰঙানদীৰ বান্ধৰ পানীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Advertisment
503346739_1285388066284224_6759544346140466497_n

দুই মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু কেশৱ মহন্তক লগক লৈ এন এইচ পি চি আৰু নীপকোৰ কৰ্তৃপক্ষৰ সৈতেও এক আলোচনাত বহে মুখ্যমন্ত্ৰীগৰাকী।

503351956_1285388116284219_7774496648561176682_n

লখিমপুৰৰ আমতলাত বানে বিধ্বস্ত কৰা অঞ্চল পৰিদৰ্শন কৰি তেওঁ কয়-  আমাৰ প্ৰশাসনে জনসাধাৰণৰ সহায়-সহযোগিতা তথা নিৰাপত্তাৰ বাবে অহৰহ অক্লান্তভাৱে কাম কৰি গৈছে৷ বিপদাশংকা হ্ৰাস পালে তথা পৰিস্থিতি স্বাভাৱিক হ’লে তৎকালীনভাৱে আমি ক্ষতিগ্ৰস্ত সকলোৰে লোকচানৰ বাবে ক্ষতিপূৰণ পূৰণ কৰিম৷

503354468_1285388169617547_7295735002619525743_n
 
ড০ হিমন্ত বিশ্ব শৰ্মা