/asomiyapratidin/media/media_files/2025/07/30/naoboisha-30-2025-07-30-23-09-07.jpg)
ডিজিটেল সংবাদ, নাওবৈচাঃ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে নাওবৈচা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়েও গ্ৰেজিং মাটি বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হৈ উঠিছে। আজি ফুকনদলনি আৰু ১ নং কলাখোৱা ভি জি আৰ এলেকাত জোখ মাপ কৰি ফুকনদলনিৰ ২৩৭ বিঘা আৰু ১ নং কলাখোৱা গ্ৰেজিঙৰ ১৪২ বিঘা মাটি চিহ্নিত কৰা হৈছে।
ফলত সেই ভূমিত বাস কৰা দুই শতাধিক পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। ইতিমধ্যে বহু পৰিয়ালে ঘৰ-দুৱাৰ ভাঙি সেই স্থানৰ পৰা অন্য নিৰাপদ স্থানলৈ সামগ্ৰীসমূহ কঢ়িওৱা দেখিবলৈ পোৱা গৈছে।
দীৰ্ঘ বছৰ ধৰি সেই স্থানত বাস কৰা লোকসকলে বৃহৎ বৃহৎ পকীঘৰ নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি থকাৰ সময়তে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদৰ প্ৰস্তুতি গ্ৰহণ কৰাত হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালসমূহৰ মাজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us