চৰাইদেউ আমলখি দেওশালত লখিমী আদৰা উৎসৱ প্ৰস্তুতি...

টাই আহোমৰ পৰম্পৰাগত “খেক লাই খাও মী, আই জং খাম, ঙী জং খাম (লখিমী আদৰা) উৎসৱৰ ব্যাপক প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
চৰাইদেউ আমলখি দেওশালত লখিমী আদৰা উৎসৱ প্ৰস্তুতি...

Lakhimi aadora

ডিজিটেল সংবাদ,চৰাইদেউঃ অহা ৯ অক্টোবৰ চৰাইদেউ জিলাৰ লাকুৱা ঐতিহাসিক আমলখি দেওশালত সদৌ অসম ভিত্তিত টাই আহোমৰ পৰম্পৰাগত “খেক লাই খাও মী, আই জং খাম, ঙী জং খাম (লখিমী আদৰা) উৎসৱৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷

Advertisment

টাই আহোম সাংস্কৃতিক পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া লখিমী আদৰা উৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে কমলজ্যোতি গগৈক সভাপতি, সুনীল কুমাৰ গগৈ, কৃষ্ণকান্ত ৰাজকোঁৱৰ আৰু ৰাতুল গগৈক কাৰ্যকৰী সভাপতি, মহেন্দ্ৰ সন্দিকৈক মুখ্য সম্পাদক, দেৱজিৎ চাওৰক আৰু দীপক বৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ ১৫খন উপ-সমিতিসহ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি কাম কাজ অব্যাহত ৰাখিছে ৷

charaideu lkhimi adora